নিউজ ডেস্কঃ বন্ধ হ’ল ৰাজ্য চৰকাৰৰ এক বিশেষ আঁচনি। মহিলা সবলীকৰণৰ কাৰণে ৰাজ্য চৰকাৰে অনুমোদন দিয়া অৰুন্ধতী স্বৰ্ণ আঁচনিৰ এতিয়া পৰা কোনোৱে উপভোগ কৰিব নোৱাৰিব।

ৰাজ্য চৰকাৰে এই অৰুন্ধতী স্বৰ্ণ আঁচনিখন অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ বন্ধ ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে ২৭ ফেব্ৰুৱাৰীত এক অধিসূচনাৰ জৰিয়তে প্ৰেছ বিবৃতি প্ৰকাশ কৰে।   

২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰিছিল। যাৰ দ্বাৰা নৱ বিবাহিতা দম্পতীলৈ ৰাজ্য চৰকাৰে ১ তোলা সোণ কিনিবলৈ ৪০ হাজাৰ টকাকৈ অনুদান দি আহিছিল। উক্ত আচঁনিখন ৰূপায়ণৰ ক্ষেত্ৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগক দায়িত্ব প্ৰদান কৰিছিল।

উল্লেখযোগ্য যে, ২০২০ চনৰ ২৪ ছেপ্টেম্বৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সেইসময়ৰ বিত্তমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু ৰাজহ মন্ত্ৰী যোগেন মোহনৰ উপস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আঁচনিখনৰ শুভাৰম্ভ কৰিছিল।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply