নিউজ ডেস্কঃ পঞ্জাব আৰক্ষীয়ে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ আৰু এজন খালিস্তানীক আজি স্থানান্তৰ কৰে।

পুৱা প্ৰায় ৭ মান বজাত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হয় খালিস্তান সমৰ্থনকাৰী জনক।

এইবাৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা খালিস্তানী গৰাকী ৱাৰিজ পঞ্জাব দে ৰ প্ৰধান অমৃত পাল সিঙৰ সম্বন্ধীয়।

অম়ৃত পাল সিঙৰ খুৰাক হৰজিৎ সিঙকেই আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।

সোমবাৰে পঞ্জাব আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ লগে লগেই খালিস্তানপন্থী হৰজিৎ সিঙক ডিব্ৰুগড় জেললৈ লৈ অনা হয়।

হৰজিৎ সিঙক স্থানান্তৰ কৰাৰ লগে লগেই ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মুঠ ৫ জনলৈ বৃদ্ধি পাইছে খালিস্তান সমৰ্থক।

উল্লেখযোগ্য যে, এতিয়াও পলাতক হৈ আছে ৱাৰিজ পঞ্জাব দে ৰ প্ৰধান অমৃত পাল সিং। সিঙক বিচাৰি আৰক্ষীয়ে নিজৰ অভিযান তীব্ৰতৰ কৰিছে। পঞ্জাবত কৰ্টন কৰি ৰখা ইণ্টাৰনেট সেৱা আজি খুলি দিয়া কথা আছিল যদিও অমৃত পাল সিঙৰ কোনো সন্ধান নোপোৱাত পুনৰ ২৩ মাৰ্চলৈকে ইণ্টাৰনেট সেৱা কৰ্টন কৰি ৰখা হ’ব বুলি ঘোষণা কৰে।

লগতে পঢ়ক – ভাৰতীয় দূতাবাসত খালিস্তানীয়ে নমালে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply