মেট্ৰিকৰ বাতিল হোৱা পৰীক্ষাক লৈ ছেবাৰ এক নতুন নিৰ্দেশনা। বিজ্ঞান আৰু অসমীয়া পৰীক্ষাৰ সন্দৰ্ভত ছেবাই জাৰী কৰিছে এই নিৰ্দেশনা।

এতিয়াৰে পৰা কেন্দ্ৰৰ তত্বাবধায়কৰ সন্মুখত প্ৰশ্নকাকতৰ টোপোলা গ্ৰহন কৰিব আৰক্ষী থানাৰ অ’চি য়ে। জিলা বিদ্যালয়ৰ পৰিদৰ্শকে নিৰ্দিষ্ট কৰি দিব ভাৰপ্ৰাপ্ত বিষয়াজনক। স্থানীয় থানা বা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক  দিয়া হৈছে এই দায়িত্ব।

পৰীক্ষা কেন্দ্ৰৰ ষ্ট্ৰংৰুমত চিচি কেমেৰাৰ সন্মুখত খুলিব লাগিব প্ৰশ্নকাকতৰ টোপোলা। কোনো কাৰণতে থানাত প্ৰশ্নকাকতৰ টোপোলা খুলিব নোৱাৰিব। 

অহা ২৬ মাৰ্চৰ পৰা ২৯ মাৰ্চৰ ভিতৰত আৰক্ষী থানাসমুহলৈ প্ৰেৰণ কৰা হব প্ৰশ্নকাকতৰ টোপোলা।

প্ৰশ্নকাকত সমুহ থানাৰ পৰা কেন্দ্ৰসমূহলৈ আৰক্ষীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ মাজত নিয়া হব।

আনহাতে, পৰীক্ষা শেষ হোৱাৰ পাছত ছেবাই দায়িত্ব দিয়া বিষয়াই লৈ আনিব লাগিব অব্যৱহৃত প্ৰশ্নকাকত। লগতে পৰীক্ষা সংক্ৰান্তীয় সকলো গোপনীয় নথিপত্ৰ আনিব লাগিব ওভতাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply