প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যৰ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পিছতেই প্ৰায়বোৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক বদলী কৰাৰ পিছতেই এটা ঘটনা বাৰুকৈয়ে চকুত লগাকৈ পোহৰলৈ আহিছে, প্ৰয় সকলো জিলাতে অবৈধ ড্ৰাগছৰ মুকলী বেহা চলি অহাটো | ক’ভিড সৃষ্ট পৰিবেশৰ মাজতেই সকলো জিলাতেই চলিছে ড্ৰাগছ বিৰোধী অভিযান |

এইবোৰ কাৰবাৰ চলি থকা বিষয়টো আৰক্ষীয়ে আগতে গম পোৱা নাছিল নে জানিও গুৰুত্ব দিয়া নাছিল | অসমৰ আন্তৰাজ্যিক সীমাত থকা জিলাবোৰত অবাধগতিত ড্ৰাগছৰ বেহা চলি থকা বিষয়টো সৰ্বজনবিদিত | ইয়াৰ পিছতো আৰক্ষীয়ে গুৰুত্ব নিদিয়া বিষয়টোও চিন্তনীয় | নগাঁও, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, মৰিগাঁও আৰু গুৱাহাটী মহানগৰীত ড্ৰাগছ অবাধ গতিত চলি থকাৰ পিছতো প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিষয়টোহে ভাবিবলগীয়া |

গুৱাহাটীসহ ৰাজ্যখনৰ বিভিন্ন স্থানত গঢ় লৈ উঠা নিচামুক্তি কেন্দ্ৰবোৰত থকা অধিকাংশ ল’ৰা ছোৱালীৰ বয়স ১৫ ৰপৰা ২৫ বছৰৰ ভিতৰত | বহুজন এইবোৰৰ পৰা উভতি গৈ শুদ্ধ পথলৈ আহিছে যদিও আন বহুজন পুনৰ বিপথে গৈছে |

লগতে পঢ়ক ৰাজ্যত ৫জুনলৈ বৃদ্ধি সান্ধ্য আইন

গুৱাহাটী মহানগৰী এতিয়া ড্ৰাগছ সৰৱৰাহকাৰীৰ ট্ৰেনজিত পইণ্ট হৈ পৰিছে। ম্যানমাৰ, মণিপুৰৰ পৰা গুৱাহাটী হৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰৱৰাহৰ অভিযোগ আছে। আনকি গুৱাহাটীত ড্ৰাগছ মাফিয়াৰ এজেণ্টৰূপে কাম কৰা বহু পেডলাৰৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পিছতো সৰবৰাহ বন্ধ কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই আৰক্ষী প্ৰশাসন | এই ড্ৰাগছ সেৱনৰ বাবেই বহুটো কনকন লৰা ছোৱালী মৃত্যুৰ মুখত পৰিছে |

আজিৰ দিনটোত প্ৰথমবাৰলৈ ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰিলে নগাঁও আৰক্ষীয়ে। আজি দিনৰ প্ৰায় ১ বজাত নগাঁও চহৰৰ নিকটৱৰ্তী নাৰমাৰীত সংঘটিত হ’ল এই ঘটনা। নগাঁৱৰ নৱনিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে নাৰমাৰী আমতলত কুখ্যাত ড্ৰাগছ মাফিয়া আব্দুল উদুতৰ ঘৰত অভিযান চলায়। সেই সময়ত আব্দুল উদুতৰ সৈতে আছিল আন এটা ড্ৰাগছ মাফিয়া মোফাছিল হক। দুয়ো আৰক্ষীৰ দল দেখাৰ লগে লগে ব্ৰাউন ছুগাৰসহ সেই স্থানৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰে। এএছপি ধ্ৰুৱ বৰাই দুয়োকে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও তেওঁলোকে মটৰ চাইকেলেৰে পলায়নৰ চেষ্টা কৰাত ধ্ৰুৱ বৰাই আব্দুলক লক্ষ্য কৰি গুলীচালনা কৰে।

লগতে পঢ়ক চিৰাং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ আটক দুই যুৱক

অৱশ্যে আৰক্ষীৰ গুলীৰ পৰা আব্দুল ৰক্ষা পৰে যদিও দুয়ো মটৰ চাইকেলসহ ওচৰৰ পথাৰত বাগৰি পৰে। ইয়াৰ পিছতে আৰক্ষীৰ ৰুদ্ৰমূৰ্তি দেখি দুয়ো আত্মসমৰ্পন কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছতে আৰক্ষীয়ে ব্ৰাউন ছুগাৰসহ আব্দুল আৰু মোফাছিলক গ্ৰেপ্তাৰ কৰে।

আনহাতে আজি বিয়লি পুনৰ পুৰণিগুদামৰ ন-আলিমূৰত এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা দলে আলাউদ্দিন আহমেদ নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় ঔষধ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে এই ব্যৱসায়ত জড়িত আফচিয়া বেগম নামৰ মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে।

বৰ্তমান চলি থকা অভিযান বোৰ সুৰুঙা নোহোৱাকৈ চলি থাকিলে বহু পৰিমানে সফলতাৰ আশা কৰিব পাৰি | বিশেষকৈ আন্ত ৰাজ্যিক সীমান্তত তালাচী পূৰ্ণোদম্যে চলি থাকিলে কিছু পৰিমানে সৰবৰাহৰ ক্ষেত্ৰত বাধা হোৱাৰ আশা কৰিব পাৰি | তদুপৰি ৰাজ্যখনৰ ভিন্নস্থানত ৰাইজক সজাগ কৰাৰ বাবে বিশেষ পদক্ষেপৰো প্ৰয়োজনীয়তা আছে | যোৱা সময়চোৱাত প্ৰায় শতাধিক লোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইসকলক সোনকালেই আইনৰ মেৰপেছৰ পৰা ওলাই আহিব নোৱাৰে তাৰো ব্যবস্থা কৰাটো প্ৰয়োজন | অতিকে চতুৰ এই অবৈধ সমাজ ধ্বংসকাৰী সকলক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অসমৰ যুৱ সমাজ ধ্বংসৰ দিশে গতি কৰিব |

লগতে পঢ়ক দুলীয়াজান লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ আটক পাঁচজন ব্যৱসায়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply