ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাইছে যদিও কাৰ্যত এই অভিযানত কিমান সফলতা লাভ কৰিছে বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন। মহানগৰীত বিভিন্ন গলি বোৰত নিসিদ্ধ ড্ৰাগছৰ বেহা আগতেও চলি আছিল আৰু বৰ্তমানেও চলি আছে। আৰক্ষীয়ে অভিযান চলাই থকাৰ বাবে সৰবৰাহ কিছু কমিছে যদিও সৰু সৰু গলিবোৰত এতিয়াও অবাধ গতিত চলি আছে।
মহানগৰীত এতিয়া কন কন লৰা ছোৱালী ড্ৰাগছ আসক্ত হোৱাৰ ফলত ভয়াবহ ভবিষ্যতৰ দিশে গতি কৰিছে। অধিকাংশ শ্লাম সদৃশ এলেকা বোৰৰ কম বয়সীয়া লৰা ছোৱালীবোৰৰ মাজত এতিয়া অবাধ গতিত ড্ৰাগছৰ প্ৰচলন। চৰকাৰৰ সচেতনতা অভিযান বোৰে এই অঞ্চলবোৰক আজিলৈকে ঢ়ুকি পোৱা নাই। অভিভাৱক বোৰেও জীৱন যুদ্ধত সংগ্ৰাম কৰি থকাৰ বাবে নিজৰ সন্তানক চাবলৈ সময় নাই।
শেহতীয়াকৈ এইডছ সচেতনতা বাবে দীৰ্ঘদিন ধৰি কাম কৰি থকা ৰাজ্যৰ এগৰাকী সমাজ কৰ্মী জাহবী গোস্বামীৰ ফেচবুক পষ্টে মহানগৰীৰ পাণ্ড মালিগাঁও অঞ্চলৰ এক ভয়াবহ ছবিখন বৰ্ণনা কৰিছে। তেও লিখা পষ্টত উল্লেখ কৰিছে এনেদৰে-
আজি মালিগাওৰ পাণ্ডু এলেকাৰ কিছু অংশ চাবলৈ গৈছিলোঁ । তাৰ অৱস্থা দেখি মোৰ ভয়তে হাত ভৰি কপিছিল । কি হৈ আছে এইয়া কলৈ গৈ আছে আমাৰ সমাজ । ৫০০মিটাৰ অন্তৰতে একোজন কৈ HIV আক্ৰান্ত আৰু বেচি ভাগেই নহয় জেলত নহয় নিচা মুক্তি কেন্দ্ৰত । যি সকল বাহিৰত সেই সকলে মুকলি মৰিয়াকৈ সেৱন কৰি আছে ড্ৰেনড্ৰাইত অথবা অন্য নিচা সামগ্ৰী । কোনো অনুসুচনা নাই । নাই কোনো ভয় । অভিভাৱক সকলো একে মোৰ লৰাই খাইছে তাতে কি হ’ল । মোৰ লৰা ভালে আছে কিয় ঔষধ খাব লাগে । নাই কোনো প্ৰশাসনৰ নজৰ । ভাবি আছো কি কৰিব পাৰো । লাগে মাথো প্ৰশাসনৰ সহায় আৰু আপোনালোকৰ আৰ্শীবাদ । কিছু অসলংগ ফটো ।
ৰাজ্যত কেবল ড্ৰাগছেই নহয় দিনক দিনে এইডছ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। বহুবোৰ ব্যক্তিয়ে এতিয়াও টেষ্ট কৰিবলৈ আগবাঢ়ি নাহে এনে অবস্থাত ভয়াবহ ভবিষ্যতৰ দিশলৈ আমাৰ যুৱ প্ৰজন্ম আগুৱাই যোৱাৰ সম্ভাবনাই অধিক।
লগতে পঢ়ক – বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই বাইক আৰোহী