নিউজ ডেস্কঃ আজি গুৱাহাটীৰ লতাশিলস্থিত বিষ্ণু নিৰ্মলা ভৱনৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় ‘আন্তৰিক সংযোগ’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ ৱেবছাইট। শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যই উন্মোচন কৰে ৱেবছাইটটো। আজিৰ এই উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখিকা তথা ৰেলৱে ক্লেইমছ ট্ৰিবিউনেলৰ বিষয়া লীনা শৰ্মা, অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত তথা কবি-অভিনেতা পাৰ্থসাৰথি মহন্ত।

লগতে উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ সাংবাদিক তথা “আমাৰ অসম” কাকতৰ ডেপুটি এডিটৰ গৌতম শৰ্মা, জ্যেষ্ঠ সাংবাদিক তথা “ডি এ নিউজ প্লাছ’ চেনেলৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, লেখক-সমালোচক ময়ূৰ বৰা৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভিন্নক্ষেত্ৰৰ কেইবাগৰাকীও গণ্য মান্য ব্যক্তিও উপস্থিত থাকে৷

উল্লেখ্য যে, পাপৰি সৌকাধৰা বৰঠাকুৰে ২০২০ চনত প্ৰতিষ্ঠা কৰা এই স্বেচ্ছাসেৱী সংগঠনটোৰ মূল উদ্দেশ্য হৈছে ঘৰত অকলশৰে থকা বয়সস্থ ব্যক্তিসকলক মনৰ কথা পাতিবলৈ তথা তেওঁলোকৰ নিঃসঙ্গতা দূৰ কৰিবলৈ সম বয়সৰে লগ এটা দিয়া যাতে ব্যক্তিসকলে নিজৰ বাৰ্ধক্য উপভোগ কৰিব পাৰে৷

“আন্তৰিক সংযোগ”ৰ প্ৰতিষ্ঠাপক, সমাজকৰ্মী পাপৰি সৌকাধৰা বৰঠাকুৰে অনুষ্ঠানটিৰ আদৰণি ভাষণত স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্দেশ্য আৰু কৰ্মৰ খতিয়ান দাঙি ধৰে। লগতে প্ৰায় আঢ়ৈবছৰ পূৰ্বে আৰম্ভ পৰা এই সেৱাক আকোঁৱালি লোৱা, প্ৰচাৰ আৰু প্ৰসাৰত সহযোগ আগবঢ়োৱা সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷

ইংৰাজীৰ লগতে অসমীয়া ভাষাতো আন্তৰিক সংযোগৰ সকলো তথ্য সন্নিৱিষ্ট www.antoriksonjog.org শীৰ্ষক ত্ৰিদিশা কটকীয়ে ডিজাইন কৰা ৱেবছাইটি ৰাইজৰ বাবে মুকলি কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply