গুৱাহাটী : অসমীয়া, বড়াে আৰু নেপালী সাহিত্যলৈ আগবঢ়োৱা ‘তানবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে ২০২১ বৰ্ষৰ সন্মানীয় সাহিত্য অকাডেমি বঁটা অর্জনেৰে অসমবাসীক গেীবান্বিত কৰা জনপ্রিয় ঔপন্যাসিকা, সাংবাদিক, সম্পাদক অনুৰাধা শৰ্মা পূজাৰী, বড়ো ভাষাৰ বিশিষ্ট কৰি মোদাই গোহাঁই আৰু নেপালী ভাসাল কবি-সাহিত্যিক ছবিলাল উপাধ্যায়লৈ অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লগতে এই বছৰৰ সাহিত্য অকাডেমিৰ ‘বাল সাহিত্য পুৰস্কাৰ প্রাপক মৃণাল চন্দ্র বড়ো তথা সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ প্রাপক অভিজিত বৰা (অসমীয়া) আৰু গৌতম দৈমাৰী (বড়াে)লৈও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
এক শুভেচ্ছা বার্তাযোগে মুখ্যমন্ত্ৰীয়ে কয় যে একেলগে সাতগৰাকীকৈ বিশিষ্ট সাহিত্যিকে দেশৰ সাহিত্য জগতৰ অন্যতম সম্মানীয় স্বীকৃতি সাহিত্য অকাডেমি বঁটা অর্জন কৰি সমগ্ৰ অসমবাসীক গৌৰবান্বিত কৰিছে। বঁটা প্রাপক কেউগৰাকী সাহিত্যিকে নিজৰ সৃষ্টিৰাজিৰে পাঠকসমাজক আপ্লুত কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলােকৰ এই সাফল্যই ৰাজ্যৰ বৌন্ধিক ক্ষেত্ৰখনলৈ উৎসাহৰ ঢল বােৱাই অনাৰ লগতে অনুজ সাহিত্যসেৱীসকলকো ন-উদ্যমেৰে সাহিত্য চৰ্চাত ব্ৰতী হ’বলৈ অনুপ্রাণিত কৰিব।
লগতে পঢ়ক : যোৰহাট আৰক্ষীয়ে এনকাউন্টাৰ কৰিলে কুখ্যাত ড্ৰাগছ মাফিয়া পঁচাক
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী, মােদাই গাহাই, জবিলাল উপাধ্যায়, মৃণাল কলিতা, ৰত্নেশ্বৰ নাৰ্জাৰী, অভিজিত বৰা আৰু গৌতম দৈমাৰীৰ সু-স্বাস্থ্য কামনা কৰাৰ লগতে অনাগত সময়তাে তেওঁলােকে নিজৰ সৃষ্টিৰাজিৰে ৰাজ্যৰ সাহিত্য ক্ষেত্ৰখনক সমৃদ্ধ কৰি যাব বুলি আশা প্রকাশ কৰে।