গুৱাহাটী : চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ অন্তৰ্গত চাহ জনগোষ্ঠীয় মহিলা এগৰাকী ক’ভিড নিগেটিভ হৈ ঘৰলৈ ঘূৰি অহা অৱস্থাত ধৰ্ষণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা জনাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ক’ভিডত আক্ৰান্ত হৈ কেইবাদিন ধৰি সাপেখতি মডেল হাস্পতালত চিকিৎসাধীন হৈ নিগেটিভ ৰিপোৰ্ট অহাৰ পিছত মাক-জীয়েক দুয়োগৰাকী ৰোগীক ঘৰলৈ আনিবলৈ চিকিৎসালয় কৰ্তৃপক্ষই এখন এম্বুলেন্সৰ ব্যৱস্থা নকৰাটো অতি আশ্চৰ্য্যজনক আৰু দুৰ্ভাগ্যজনক বুলি প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।মহিলাগৰাকী সুকলমে ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত হাস্পতাল কৰ্তৃপক্ষ নতুবা চৰকাৰী কৰ্তৃপক্ষৰ দায়িত্ব নাই নেকি বুলিও প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছে।
যিহেতু কেন্দ্ৰীয় চৰকাৰে ক’ভিডৰ সংকটৰ বাবে ১৫০০০ কোটি টকা আৰু ভেকচিনৰ বাবে ৩৫০০০ কোটি টকা আবন্টন কৰি দিছে, যিহেতু ভাৰতৰ বহু মানুহে প্ৰধানমন্ত্ৰী সাহায্য নিধিলৈ আৰু অসমৰ জনসাধাৰণে মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ক’ভিডৰ সৈতে যুদ্ধ কৰিবলৈ দান-বৰঙণি আগবঢ়াইছে, তেন্তে এম্বুলেন্স বিহীনভাৱে কিয় হাস্পতাল চলাইছে বুলি কংগ্ৰেছ দলে প্ৰশ্ন কৰিছে। কেইদিনমান পূৰ্বে বিজেপি বিধায়ক মৃণাল শইকীয়াই টুইটাৰ যোগে জনাইছে যে গোলাঘাট অসামৰিক চিকিৎসালয়খনে দুগৰাকীকৈ ক’ভিড ৰোগীক উঠাই আনিবলৈ নাকচ কৰাত বিধায়ক গৰাকীয়ে নিজাববীয়াকৈ এম্বুলেন্সৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। এইটোৱেই হৈছে অসমৰ স্বাস্থ্য ব্যৱস্থাৰ ক’ভিড পৰিচালনা কৰাৰ আচল স্বৰূপ নেকি বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ দলে।
উল্লেখযোগ্য যে মহিলা গৰাকী একেবাৰে পিছপৰা চাহ জনগোষ্ঠীয় আৰু এইটোৱে বিজেপি চৰকাৰখনৰ চাহ জনগোষ্ঠীকে ধৰি পিছপৰা জনগোষ্ঠীৰ প্ৰতি চৰম অৱহেলাক উদঙাইছে বুলি কয় কংগ্ৰেছ দলে। চৰকাৰখনে অতি সোনকালে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা উচিত। জানিব পৰা মতে এতিয়ালৈ দোষীক কৰায়ত্ত কৰা হোৱা নাই আৰু দোষীয়ে এতিয়া পৰ্যন্ত মুকলি আকাশৰ তলত মুক্তমনে ঘূৰি আছে। মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ লৈয়েই কৈছিল যে মহিলা সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে প্ৰধানতঃ গুৰুত্ব আৰোপ কৰিব। এইটোৱে মহিলা সুৰক্ষাৰ উদাহৰণ নেকি বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে।
লগতে পঢ়ক : পানীত পৰা লোকৰ উদ্ধাৰৰ বাবে বৰপেটা জিলাত চক্ৰ পৰ্যায়ত দল গঠন
কংগ্ৰেছ দলে লগতে কয় যে আমি সকলোৱে অৱগত আৰু অত্যন্ত লজ্জাজনক কথাটো হৈছে একেৰাহে যোৱা তিনিটা বছৰত নাৰীৰ ওপৰত হোৱা অপৰাধৰ ক্ষেত্ৰত অসম প্ৰথম স্থানত আছে। নাৰীৰ ওপৰত হোৱা অপৰাধৰ ধাৰা ৰোধ কৰা হোৱা নাই। যদি চৰকাৰখন নীৰৱ হৈ থাকে আৰু দোষীৰ ওপৰত কঠোৰ পদক্ষেপ নলয়, তেতিয়াহ’লে আমাৰ মহিলা আৰু ছোৱালী ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব। অসমৰ মহিলা সকলে বিজেপক ভোট দিছিল। যদি চৰকাৰখনে মহিলা আৰু ছোৱালীক সুৰক্ষা দিব নোৱাৰে, তেন্তে সেইখন চৰকাৰ শাসনৰ দায়িত্বত থকাৰ কোনো অধিকাৰ নাই বুলিও কয় কংগ্ৰেছ দলে।