নাৰায়ণপুৰ: ”মই ফায়াৰ বিগ্ৰেড”ৰ পাছত এইবাৰ “ৰাজসভা”। ”মই ফায়াৰ বিগ্ৰেড” শীৰ্ষক বহু চৰ্চিত কবিতাৰ পিছত আজি পুনৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই তেওঁৰ ৰাজনৈতিক জীৱনৰ দ্বিতীয়টো কবিতা উন্মোচন কৰে৷

আজি নাৰায়ণপুৰৰ ভোগপুৰস্থিত নিজা বাসগৃহত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পাঠ কৰিলে “ৰাজসভা” শীৰ্ষক কবিতাটি। ভূপেন কুমাৰ বৰাৰ এই নতুন কবিতাটি-

প্ৰথমতে কথা, শেষত গতা,
কথাটো আছে মজা!!
কাৰণ
গণতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, নীতি, নৈতিকতা,
বিবেকৰ দৰে বৈচিত্ৰময় বিশাল শব্দৰ গাঁথা!!

বিৰোধী ঐক্য লাগে,
ঐক্যৰ বাবে পঞ্জীয়ন মাচুল নালাগে!!

বিৰোধীৰ অনৈক্য লাগে,
কাৰণ অনৈক্যৰ মাজত আছে এনআইএৰ অফাৰ,
সুগন্ধীৰ বজাৰ,
হেডচাৰৰ প্ৰচাৰ,
কোনেও নকৰে মোক বিমুখ এইবাৰ!!

নীতি, আদৰ্শ, বিবেক, গণতন্ত্ৰ,
ধৰ্ম নিৰপেক্ষতা কেৱল শব্দৰ মালা,
চিআইডি, ইডি, এনআইএৰ কান্ধত উঠি
লক্ষী মাতাই দেখুৱালে ৰাজসভাৰ অপূৰ্ব লীলা!!

ধোৱা তুলসীৰ পাত হৈ ৰ’ল,
ক্ৰেতা-বিক্ৰেতা!!
নিঃশব্দে নিঃপালি দিছে,
সজাগ জনতা!!
উতলি-উফন্দি
ঢৌ খেলি মাৰ গৈছে
খবৰৰ দাতা!!

প্ৰথমতে কথা, শেষত গতা,
কথাটো আছে মজা!!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply