কংগ্ৰেছ সভাপতিৰ দায়িত্ব

প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰা আৰু কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে বুধবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

এই উপলক্ষে গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক বিশাল কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় । শংখ-উৰুলীৰ মাজত ভূপেন বৰাই দায়িত্বভাৰ গ্ৰহণ কৰে । কংগ্ৰেছৰ বিভিন্ন সংগঠন তথা জিলা পৰ্যায়ৰ প্ৰতিনিধিসকলে নৱনিযুক্ত সভাপতি ভূপেন বৰাৰ লগতে কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক উষ্ম আদৰণী জনায় ।প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি ভূপেন বৰাই কয়, প্ৰতিখন জিলাৰ পৰা অহা কংগ্ৰেছ কৰ্মীসকলৰ পদধূলি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছো ।

প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাই ক’লে বিগত পাঁচ বছৰ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰা‍লকৈ নিজৰ চকী ৰক্ষাৰ বাবেও যুঁজ দিব লগা হৈছিল । প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি হিচাপে দিয়া ভাষণত বৰাই আৰু কয় যে, মই মোৰ সময়ত সন্মুখীন হোৱা পৰিৱেশৰ যাতে নতুন সভাপতি ভূপেন বৰাই সন্মুখীন নহয় তাৰেই কামনা কৰিছো ।

লগতে পঢ়ক গুৱাহাটী বিমানবন্দৰ আদানী গ্ৰুপলৈ , কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply