অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি ভূপেন বৰা।
এআইচিচিয়ে কৰিলে এই আনুষ্ঠানিক ঘোষণা।
ইফালে, তিনিজনক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।
ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন ছিকদাৰক কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি।
ৰিপুন বৰাৰ স্থলাভিষিক্ত হ’ব ভূপেন বৰা।
ৰানা গোস্বামী আৰু ভুপেন বৰাক এআইচিচি সম্পাদকৰ পদৰ পৰা অব্যাহতি দিয়ী বুলি সাধাৰন সম্পাদক কেচি বেনুগোপালৰ প্ৰেছ বাৰ্তাটোত উল্লেখ কৰিছে ।
লগতে পঢ়ক টীয়কৰ বলমাত পুঠী নদীত ভাগিল ৰিং বান্ধ,কেইবাখনো গাঁও প্লাবিত