গুৱাহাটী : নিমাতিঘাট ফেৰী দুর্ঘটনাকলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিক্ৰিয়া। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা। সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক আক্ৰমণ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় “বুধবাৰে যোৰহাটৰ নিমাতিঘাটত দুখন ফেৰীৰ মাজত দুৰ্ভাগ্যক্ৰমে হোৱা শোকাৱহ দুৰ্ঘটনাত অধ্যাপিকা পৰিমিতা দাসৰ অকাল বিয়োগত প্ৰদেশ কংগ্রেছৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে উক্ত দুৰ্ঘটনাত সন্ধানহীন হোৱা আটাইবোৰ যাত্ৰী জীৱন্তে উদ্ধাৰ হয়।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই লগতে কয় “এই শোকাকূল পৰিৱেশত দুৰ্ভাগ্যজনক এই দুৰ্ঘটনাত প্ৰদেশ কংগ্ৰেছে ৰাজনীতি কৰিব বিচৰা নাই। কিন্তু একেসময়তে বিৰোধী দল হিচাপে আমি নিৰ্বাচনৰ সময়ত মাজুলী আৰু যোৰহাটবাসীক বাৰে বাৰে দিয়া প্ৰতিশ্ৰুতি সমূহ মনত পেলাই দিয়াটো আমাৰ নৈতিক দায়িত্ব। ২০১৮ চনত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা নাও দুৰ্ঘটনাৰ পৰা শিক্ষা নলোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। এই ঘটনাৰ পিছত বিজেপি চৰকাৰখনে কোনো ধৰণৰ প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই নিমাতিঘাটত নাও দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।”

ভূপেন কুমাৰ বৰাই ফেৰী দুর্ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় সংকটৰ সময়ত অতিকৈ তাৎক্ষণিকভাৱে প্ৰয়োজন হোৱা নিৰাপত্তাৰ সঁজুলি, লাইফ জেকেট, চুইমিং টিউব দেখা পোৱা নগ’ল, যিটো আচলতে থকাটো অত্যন্ত জৰুৰী আছিল। কোনো এগৰাকী উদ্ধৰকাৰী কৰ্মীক দেখা নগ’ল। বাতৰি মতে, দুৰ্ঘটনা হোৱাৰ এক ঘণ্টা পিছতহে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মী ঘটনাস্থলীত উপস্থিত হৈছিল। বানপানীৰ সময়ত এনেবোৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবৰ বাবে নদীৰ পৰিবহন বিভাগে জল পৰিবহন ব্যৱস্থা নিৰীক্ষণ কৰাটো দৰকাৰী নাছিল নেকি? মাজুলী-নিমাতিঘাটৰ মাজৰ জল পৰিবহন ব্যৱস্থা পৰিদৰ্শন কৰাৰ বাবে আৰক্ষী চকী আছে নে নাই, সেয়াহে এক ডাঙৰ প্ৰশ্ন।

অনুকূল বতৰৰ মাজত দিনৰ পোহৰতে কেনেকৈ দুখন নাও-ফেৰীয়ে মুখামুখি খুন্দা মাৰিব পাৰে? জল পৰিবহন বিভাগে নাৱ্যপথ সঠিকভাৱে নিৰূপণ কৰিছিল নে? নাও-ফেৰী ড্ৰাইভাৰৰ লাইচেঞ্চ আছিল নে? কোনে ফেৰী আৰু নাৱৰ বহন ক্ষমতা নিৰীক্ষণ কৰিছিল নে, যিহেতু নাও আৰু ফেৰী সমূহে নিজৰ ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওয়া বুলি সততে চৰ্চা হৈ থাকে? নাও-ফেৰী সমূহে যাত্ৰী কঢ়িওৱা পৰাকৈ উপযুক্ত হৈ আছিল নে নাই, কোনে পৰীক্ষা কৰিছিল? এইটো আটাইতকৈ লজ্জাজনক বিষয় যে যোৱা তিনিবছৰত দুবাৰকৈ নিলম্বিত হোৱা ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ কাৰ্যকৰী অভিযন্তা গৰাকীৰ হাততে দায়িত্ব ন্যস্ত আছিল। উত্তৰ গুৱাহাটীৰ ফেৰী দুৰ্ঘটনাৰ সময়ত নিলম্বন হোৱা সেই একেগৰাকী বিষয়াৰ হাততে কিয় পুনৰ মানুহৰ জীৱন মৃত্যুৰ লগত জড়িত দায়িত্ব ন্যস্ত কৰা হৈছিল?

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় আমি দেখি আহিছো যে যোৰহাট আৰু মাজুলীবাসী ৰাইজক বিজেপি চৰকাৰখনে নিৰ্বাচনী প্ৰতিশ্ৰুতি দি আহিছে আৰু সেইবোৰ এতিয়াও প্ৰতিশ্ৰুতি হৈয়েই আছে। ২০১৬ চনত কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, কিন্তু সুদীৰ্ঘ যোৱা পাঁচ বছৰত দলঙৰ নামত এটা শিলগুটিও নপৰিল। এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপনকলৈ প্ৰকাশ কৰা প্ৰতিক্ৰিয়াৰ কথা উল্লেখ কৰি কয় এই আধাৰশিলা দেখি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৈছিল ” দিপিআৰ প্ৰস্তুত নকৰাকৈয়ে কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে ২০১৬ ৰ ব্ৰহ্মপুত্ৰৰ ওপৰেদি মাজুলী-যোৰহাট সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰি এনডিএ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ চকুত চমক সৃষ্টি কৰিব বিচাৰিছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখনৰ দৰে ডিপিআৰ প্ৰস্তুত নকৰাকৈ আধাৰশিলা স্থাপন কৰা কেন্দ্ৰীয় চৰকাৰ আগতে কেতিয়াও দেখা নাছিলোঁ।”

২০১৮ চনৰ অক্টোবৰ মাহত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কমলাবাৰী ঘাটত ৰোল অন ৰোল অফ (ৰো-ৰো) সেৱাৰ শুভ আৰম্ভণি কৰিছিল। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ৯.৪৬ কৌটি টকা ব্যয়েৰে ৰো-ৰো সেৱাত এম বি ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰিছিল। এই ফেৰীয়ে একেলগে ১০০ জন যাত্ৰীৰ লগতে ৮ খন ট্ৰাক কঢ়িয়াব পাৰে। এয়া অতি দুৰ্ভাগ্যজনক যে আজিলৈকে কিয় ৰো ৰো ফেৰী সেৱা আৰম্ভ কৰা হোৱা নাই, অসম চৰকাৰেহে ভালকৈ জানিব বুলি সংবাদমেলত ভূপেন কুমাৰ বৰাই উল্লেখ কৰে। আটাইতকৈ ডাঙৰ প্ৰবঞ্ছনাটো হৈছে যে, ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ ধুমধামেৰে ৰো-ৰো ফেৰী সেৱাৰ উদ্ধোধন কৰিছিল, কিন্তু নিৰ্বাচনৰ পিছত কি হ’ল কোনেও গ’ম নাপায় বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে। বিগত ২০২১ ৰ নিৰ্বাচনৰ আগমুহূৰ্তত কেন্দ্রীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে পুনৰ এবাৰ যোৰহাট-নিমাতীঘাট সংযোগী সেই একেখন দলঙৰ আধাৰশিলা স্থাপন কৰিছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক যে বিজেপিয়ে নিৰ্বাচনৰ আগমুহূৰ্ততহে দীৰ্ঘদিন ধৰি কৰি অহা দাবীবোৰ মনত পেলায় আৰু নিৰ্বাচন শেষ হ’লে সকলো পাহৰি যায় বুলি কয় ভূপেন কুমাৰ বৰাই।

এই উন্মোচন আৰু পুনৰ উন্মোচনৰ কাৰ্যই প্ৰমাণ কৰিছে যে মাজুলিবাসীৰ লগতে সমগ্ৰ অসমবাসীকে বিজেপিয়ে মিছা প্ৰতিশ্ৰুতিৰে মূৰ্খ সজাই আহিছে। তেওঁলোকে ভাবিছে যে মানুহে কম সময়ৰ ভিতৰত সকলো পাহৰি পেলাব আৰু একেইটা কামৰে দুবাৰ-তিনিবাৰ আধাৰশিলা স্থাপন কৰিলেও জনসাধাৰণে মানি ল’ব। অসমৰ মানুহ সচেতন নাগৰিক, পৰ্যবেক্ষণশীল নাগৰিক আৰু এইসকলক সকলো সময়তে মূৰ্খ সজাব নোৱাৰে। প্ৰতিশ্ৰুতিতকৈ মানুহৰ জীৱনৰ মূল্য অধিক। বিজেপিয়ে এই কথা ভালকৈ মনত ৰখা উচিত। নিৰীহ মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈছে, ইয়াৰ বাবে দায়ী তেওঁলোকেই বুলি সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয়। উক্ত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়াবলৈ বিজেপি চৰকাৰক অসম প্ৰদেশ কংগ্রেছ কমিটিৰ তৰফৰ পৰা দাবী জনায়। বিজেপিয়ে ৰো-ৰো ফেৰী সেৱাৰ ওপৰত আৰু মাজুলী-যোৰহাট সংযোগী দলং কি অৱস্থাত আছে, তাৰ ওপৰত স্থিতি স্পষ্ট কৰিব লাগে বুলিও দাবী জনাই ভূপেন কুমাৰ বৰাই কয় এই বৰ্ষৰ আৰম্ভণিতে ৯২৫.৪৭ কোটি টকা আবন্টন দিয়া হৈছিল বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু যোৱা ৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে এই কাম মেচাৰ্ছ ইউপি ষ্টেট ব্ৰিজ কৰ্পোৰেচন লিমিটেড নামৰ কোম্পানীক দিয়া হৈছিল। টকা অনুমোদন দিয়া আৰু টকা ব্যৱহাৰ কৰা হিচাবে কামৰ অগ্ৰগতি কি?

লগতে পঢ়ক : ৪ অক্টোবৰত অসমৰ এখন আসনৰ বাবে ৰাজ্যসভাৰ উপ-নিৰ্বাচন ঘোষণা

আগলৈ চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত চলি থকা নাও আৰু ফেৰীৰ বীমা আৰু লাইচেন্সৰ ব্যবস্থা কৰিব লাগে। কেৱল লাইচেন্স থকা চালকে যাতে ফেৰী সমূহ চলাই, তাৰ প্ৰতিও তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। এনেকুৱা ফেৰী আৰু নাৱৰ প্ৰতিগৰাকী যাত্ৰীৰ বাবে লাইফ জেকেট ৰখাটো বাধ্যতামূলক কৰিব লাগে। নাৱৰ ওপৰত উদ্ধাৰকাৰী থকাটো বাধ্যতামূলক কৰিব লাগে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নদীত আৰক্ষীৰ দল আৰু কৌশলগতভাৱে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ কৰ্মীৰ কিছুমান ষ্টেচন হোৱাটো অত্যন্ত দৰকাৰী বুলি কয় ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকী য়ে বিজেপি চৰকাৰৰ ভূমি পূজন আৰু নমামী ব্ৰহ্মপুত্ৰ বহুত হ’ল। তেওঁলোকে অসমৰ সাধাৰণ জনতাৰ জীৱনৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত বুলি সংবাদমেলত বিজেপিক তীব্ৰ সমালোচনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply