গুৱাহাটী : জ্যেষ্ঠ অধিবক্তা তথা বিশিষ্ট আইনজ্ঞ নিলয় দত্তৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত কয় “প্ৰয়াত নিলয় দত্ত আছিল অসমক প্ৰাণাধিক ভাল পোৱা এগৰাকী নিভাঁজ অসমীয়া।

এক বৰ্ণাধ্য জীৱন পৰিক্ৰমাৰ অধিকাৰী নিলয় দত্ত ৰাজ্যখনৰ সংকটৰ সময়ত সদায় সাংবিধানিক আৰু আইনী দিশবোৰ চালি জাৰি চাই ৰাইজক সঠিক পথৰ সন্ধান দিছিল আৰু ৰাইজৰ পক্ষত থিয় দিছিল। তেওঁৰ মৃত্যুত অসমৰ সমাজ জীৱনৰ যি ক্ষতি হ’ল, অসমৰ সমাজ জীৱনত যি শূণ্যতাৰ সৃষ্টি হ’ল সেয়া অপূৰণীয়। আমি এজন অভিজ্ঞতাপুষ্ট,অধ্যয়নপুষ্ট আৰু প্ৰচুৰ মেধাসম্পন্ন অভিভাৱকক চিৰদিনলৈ হেৰুৱালো।”

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে প্ৰয়াত নিলয় দত্তৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও বিশিষ্ট আইনজ্ঞ নিলয় দত্তৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে। নিলয় দত্তৰ মৃত্যু অসমৰ সমাজ জীৱনৰ বাবে এক বৃহৎ ক্ষতি বুলিও দুয়োগৰাকী নেতাই অভিহিত কৰিছে।

লগতে পঢ়ক :  নিশা মহানগৰী গুৱাহাটীৰ হাটীগাঁৱত আৰক্ষীৰ গুলী চালনা

জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত ৪৬ সংখ্যক বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়ালৰ সৈতে বাংগালুৰুলৈ গৈছিল। দেওবাৰে পুৱতি নিশা হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰখ্যাত অধিবক্তাজনে। দেওবাৰে পুৱতি নিশা ২.৩০ বজাত ঘটে এই ঘটনা। শণিবাৰে ৪৩ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপনৰ পিছতেই ঘটে এই দুখজনক ঘটনা। জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত মৃত্যুৰ সময়ত অৰুণাচল প্ৰদেশৰ মহাধিবক্তা আছিল। পূৰ্বে তেখেত অসম ক্ৰিকেট সন্থাৰ সভাপতিও আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply