গুৱাহাটীঃ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ।

পুৱা পতাকা উত্তোলনেৰে এই প্ৰশিক্ষণ শিবিৰৰ শুভাৰম্ভ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ৰাজ্যখনৰ প্ৰায় সাত শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰা “আকৌ নতুন প্ৰভাত হ’ব শীৰ্ষক এই প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং।

পুৱা দলীয় পতাকা উত্তোলন কৰি সভাপতি ভূপেন কুমাৰ বৰাই ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কংগ্ৰেছ পৰিয়ালৰ সমূহ প্ৰতিনিধিক শিবিৰলৈ আদৰণি জনায় আৰু ঐক্যবদ্ধ হৈ অনাগত দিনত পুনৰ দলৰ ভেটি অধিক শক্তিশালী কৰিবলৈ দলীয় নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে বক্তব্য দাঙি ধৰি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় যে কংগ্ৰেছৰ সমুখত আজি যি প্ৰত্যাহ্বান আহি পৰিছে তাক আমি সাহসেৰে মোকাবিলা কৰিব লাগিব আৰু তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰিব লাগিব।

উদ্বোধনী সভাত আদৰণি বক্তব্য দাঙি ধৰি সভাপতি ভূপেন কুমাৰ বৰাই কয় “মই বা দলৰ যিকোনো বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত কথা কওঁতে দলৰ নীতি আদৰ্শৰ উৰ্ধত কথা কোৱা উচিত নহয়।” বিষয়ববীয়াই নিজা বক্তব্য বুলি কৈ কোনো বিতৰ্কিত মন্তব্য আগবঢ়াব নোৱাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছ দলে ‘কা’ৰ বিৰোধিতা কৰি হোৱা আন্দোলনক সমৰ্থন কৰিছিল আৰু ভৱিষ্যতেও ‘কা’ আইনখনৰ বিৰোধ কৰি যাব।

লগতে পঢ়কঃৰাজ্যত পুনৰ আৰম্ভ হৈছে ‘কা’ বিৰোধী প্ৰতিবাদ

সভাত বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই বি জে পি চৰকাৰক কঠোৰ সমালোচনা কৰে।

সভাত বক্তব্য দাঙি ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি পৱনসিং ঘাটোৱাৰে কয় যে ২০২৬ চনত অসমত আকৌ নতুন প্ৰভাত হ’ব।

উদ্বোধনী সভাখনত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতিত্ৰয় ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰ, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, এন এছ ইউ আইৰ সভাপতি কৃশাণু বৰুৱা প্ৰমুখ্যে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা উপস্থিত থাকে।

আজি তিনিটা অধিৱেশনত প্ৰশিক্ষণ সম্পন্ন কৰা হয়। প্ৰথম অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ প্ৰতিষ্ঠাপক সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডি পি ৰয়, দ্বিতীয় অধিৱেশনত সমল ব্যক্তি আছিল নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰশিক্ষণ বিভাগৰ সমন্বয়ক সুমন লস্কৰ আৰু তৃতীয় অধিৱেশনত প্ৰশিক্ষণ বিভাগৰ তত্বাৱধায়ক শচীন ৰাও। এই প্ৰশিক্ষণ ১৭ ডিচেম্বৰ পৰ্যন্ত চলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply