আপকু'ৰ তথ্য আৰু জনসংযোগ মন্ত্ৰীক স্মাৰকপত্ৰ

সোণাৰি : অসমত নীতিবৰ্হিভূতভাৱে গঢ়ি উঠা ‘ৱেব পৰ্টেল’সমূহক কঠোৰ আইন প্ৰণয়ন কৰি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে ‘আছাম প্ৰেছ ক’ৰেছপণ্ডনেছ ইউনিয়ন’ চমুকৈ ‘আপকু’ৱে। এই দাবীত আজি ‘আপকু’ৰ চৰাইদেউ জিলা সমিতিয়ে জিলা উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷

চৰাইদেউ জিলা ‘আপকু’ৰ সভাপতি সুনন্দ গগৈ আৰু সম্পাদক নিৰঞ্জন শইকীয়া স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰিছে যে অসমত নীতি বৰ্হিভূতভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা ৱেব পৰ্টেলসমূহে সামাজিক মাধ্যমত অশুভ পৰম্পৰাৰ সৃষ্টি কৰি বিষবাষ্প বিয়পাই ৰাইজক সন্ত্ৰস্ত কৰা পৰিলক্ষিত হৈছে।

কোনো ধৰণৰ সামাজিক দায়বদ্ধতা প্ৰকাশ নকৰা, উৰা বাতৰি বিয়পাই ৰাইজক বিভ্ৰান্ত কৰা, সাংবাদিকতাৰ নীতি-আদৰ্শক জলাঞ্জলি দি গণতন্ত্ৰৰ চতুৰ স্তম্ভ সংবাদ মাধ্যমৰ নামত বহুৱালি কৰা আৰু ধন ঘটাৰ সহজ আহিলাত পৰিণত হোৱা এই ৱেব পৰ্টেলসমূহে অসমৰ সমাজ জীৱন কলূষিত কৰিছে ।

সমাজ বিৰোধী এচাম লোকে নিজ স্বাৰ্থ সিদ্ধিৰ বাবে নিশাটোৰ ভিতৰতে একোটাহঁত ৱেব পৰ্টেলৰ জন্মি দি হকে-বিহকে সংবাদকৰ্মীৰ সৃষ্টি কৰি সমগ্ৰ সংবাদ মাধ্যমটোৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে ৷ সম্প্ৰতি ৰাজ্যখনৰ চুকে-কোণে ‘ৱেব পৰ্টেল’ৰ সাংবাদিক ৰাইজৰ মাজত সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে বুলি উল্লেখ কৰি এই পৰ্টেলসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰকাৰৰ কোনো নিৰ্দিষ্ট আইন নথকাৰ বাবে একাংশই ইয়াৰ সুযোগ গ্ৰহণ কৰা বুলি স্মাৰকপত্ৰখনত উল্লেখ কৰিছে ৷

ৰাজ্যখনত নীতিবৰ্হিভূতভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠা এই ৱেব পৰ্টেলসমুহক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে চৰাইদেউ জিলা ‘আপকু’ৱে স্মাৰকপত্ৰখনত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ মন্ত্ৰীগৰাকীক দাবী জনাইছে। আনহাতে, ‘আপকু’ৰ চৰাইদেউ জিলা সমিতিৰ এটা স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ভূমি আবণ্টন দিবৰ বাবে অনুৰোধ জনাই আজি চৰাইদেউ জিলা উপায়ুক্তক ‘আপকু’ৰ চৰাইদেউ জিলা সমিতিয়ে এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উল্লেখ্য, ইয়াৰ পূৰ্বে চৰাইদেউ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত বিনীতা পেগুক চৰাইদেউ জিলা ‘আপকু’ৰ উপদেষ্টা কেশৱ গগৈ, সভাপতি সুনন্দ গগৈ আৰু সম্পাদক নিৰঞ্জন শইকীয়াৰ নেতৃত্বত যোৱা জিলা ‘আপকু’ৰ এটা সজাতি দলে এখন ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।

লগতে পঢ়ক মাছৰ মৃত্যুৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে দীঘলীপুখুৰীত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply