নিউজ ডেস্ক: APDCLয়ে শেহতীয়াকৈ লোৱা সিদ্ধান্তৰ ফলত ৰাজ্যৰ ইন্টাৰনেট সেৱাৰ সৈতে জড়িত লোকসকলৰ ভবিষ্যত্‍ অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে | সদৌ গুৱাহাটী ইন্টাৰনেট চাৰ্ভিছ প্ৰভাইডাৰ সংস্থাৰ সভাপতি অশোক সৰকাৰ আৰু সাধাৰন সম্পাদক মানবেন্দ্ৰ ডেকাই এক প্ৰেছ বিবৃতিযোগে এই কথা জনাইছে |

APDCLয়ে এই ইন্টাৰনেট প্ৰভাইডাৰসকলক তেওলোকে ব্যবহাৰ কৰি থকা প্ৰতিটো খুটাৰ বাবদ বছৰি ১০০০ টকাকৈ মাচুল জমা দিবলৈ নিৰ্দেশ দিছে | ইয়াৰ আগতে প্ৰতিটো খুটাৰ বাবদ মাহে ২০ টকাকৈ বছৰি মুঠ ২৪০ টকা APDCL ক দি আহিছিল ইন্টাৰনেট প্ৰভাইডাৰসকলে | শেহতীয়াকৈ এইদৰে ৪০০ শতাংশ মাছুল বৃদ্ধি কৰিবলৈ APDCLয়ে লোৱা সিদ্ধান্ত বিবুধিত পৰিছে ইন্টাৰনেট প্ৰভাইডাৰসকল |

পূৰ্বতে প্ৰতিমাহৰ অন্তত এই মাচুল দিয়াৰ ব্যবস্থা আছিল যদিও এতিয়া বছৰেকীয়া সম্পূৰ্ণ মাচুল আগতীয়াকৈ দিয়াৰ বাবে নিৰ্দেশ দিছে | যোৱা দুই দশক ধৰি স্থানীয় যুৱক যুৱতী জড়িত থকা এই ব্যৱসায়টোত জড়িত লোকসকলৰ পানীত হাঁহনচৰা অৱস্থা হৈছে | ইয়াৰ পূৰ্বেও APDCLয়ে ২০১৪ চনতো কেৱল টিভি অ’পাৰেটৰ সকলৰ লগতো এনে ধৰনৰ অবিবেচকী সিদ্ধান্ত লৈছিল যদিও কেবল অ’পাৰেটৰ সকলে প্ৰতিবাদ জনোৱাত চৰকাৰে মধ্যস্থতা কৰি বিষয়টোৰ সমাধানৰ সুত্ৰ উলিয়াইছিল | শেহতীয়াকৈ যোৱা বৰ্ষৰ অক্টোবৰ মাহত APDCLয়ে প্ৰকাশ নতুন নিৰিখৰ পিছতেই বিবুধিত পৰিছে প্ৰভাইডাৰসকল |

সদৌ গুৱাহাটী ইন্টাৰনেট প্ৰভাইডাৰ

সদৌ গুৱাহাটী ইন্টাৰনেট প্ৰভাইডাৰ সকলৰ সাধাৰণ সভাত APDCLৰ এই হঠকাৰী সিদ্ধান্ত মানি ল’ব নোৱাৰে বুলি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহন কৰে | সন্থাই আহ্বান জনোৱা সংবাদ মেলত বৰ্তমান সময়ত গুৱাহাটীত ২৫/৩০ জন প্ৰভাইডাৰ থকাৰ বিপৰীতে ইয়াৰ লগত জড়িত হৈ আছে প্ৰায় ১৬০০ থলুৱা যুৱক | APDCLৰ সৈতে আলোচনা কৰিব বুলিও সংস্থাই অবগত কৰে |

কেন্দ্ৰীয় চৰকাৰে ভ’কেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰশীল ভাৰত আঁচনি লৈছে যদিও এইদৰে স্থানীয় যুবকসকলৰ সংস্থাপন ধ্বংস কৰি পুঁজিপতিক আদৰিবলৈ এই কৌশল লোৱাৰো অভিযোগ আহিছে | APDCLৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰোদ্ধে ৰাজ্যচৰকাৰে ব্যবস্থা ল’বলৈ দাবী জনাইছে সংগঠনটোৱে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply