নিউজ ডেস্কঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএল-য়ে আজি অৰ্থাৎ ২৬ মাৰ্চ, ২০২২ত ছচিয়েল মিডিয়াত কৰিছে এক বিশেষ পোষ্ট। এই পোষ্টটোত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ‘ধৰিত্ৰী ঘন্টা’ পালন কৰাৰ কথা উল্লেখ কৰিছে।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে পোষ্টটোত লিখিছে- ‘২৬ মাৰ্চ, ২০২২ শনিবাৰে সমগ্ৰ বিশ্বতে নিশা ৮.৩০ বজাৰ পৰা ৯.৩০ বজালৈ বৈদ্যুতিক পোহৰ পৰিহাৰ কৰি WWF-Indiaৰ সমৰ্থন ধৰিত্ৰী ঘন্টা পালন কৰা হ’ব।’

উক্ত সময়চোৱাত (নিশা ৮.৩০ৰ পৰা ৯.৩০ বজালৈ) অত্যন্ত প্ৰয়োজনীয় লাইটসমূহৰ বাহিৰে বাকীসকলো লাইটৰে চুইটছ অফ কৰি ৰাখিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে সমগ্ৰ ৰাজ্যবাসীক অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ বিত্ত বিভাগে অহা ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট হৈছে সাধাৰণ জনতা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply