আকৌ এ পি ডি চি এলৰ তিনিজন কৰ্মচাৰীৰ বিৰুদ্ধে চিকিৎসাৰ নামত ভুৱা বিল প্ৰস্তুত কৰাৰ অভিযোগ। এইদৰে ভুৱা বিল বনাই কেইবা লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। জি এম চি এইচ কৰ্তৃপক্ষই এই অভিযোগ উত্থাপন কৰে। ইয়াৰ আগতেও জিএমচিএইছত এনে ঘটনা পোহৰলৈ আহিছিল যদিও শক্তিশালী চক্ৰটোক উৎখাত কৰিব আজিলৈকে কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে।

জিএমচিএইচৰ অধীক্ষক অভিজিত শৰ্মাই জানিবলৈ দিয়া মতে, তিনিজন ব্যক্তিয়ে তেওঁলোকৰ এগৰাকী পত্নীৰ চিকিৎসাৰ নামত ধন আৱন্টনৰ অনুমোদনৰ বাবে আবেদন দাখিল কৰি জাল চহী কৰি এখন ভুৱা বিল দাখিল কৰিছিল। ধৃত কৰ্মচাৰীকেইজন হ’ল হিতেশ্বৰ দাস, সূৰ্য কান্ত বড়ো আৰু দেৱজিত কোঁৱৰ । ইয়াৰে হিতেশ্বৰ দাস আৰু সূৰ্যকান্ত বড়ো এ পি ডি চি এলৰ সহায়ক কৰ্মচাৰী।

তিনিও গৰাকী কৰ্মচাৰীয়ে পত্নীৰ নামত জি এম চি এইছত এক্স পষ্ট ফেক্টো এপ্ৰ’ভেলৰ বাবে আৱেদন দাখিল কৰিছিল। চহী আৰু নথি-পত্ৰৰ জালিয়াতিৰে দাখিল কৰিছিল এই আৱেদন। ইয়াৰ পিছতে এই বিষয়ে প্ৰকৃত সত্যৰ বিষয়ে অৱগত হোৱাৰ পিছতেই জি এম চি এইছে ভঙাগড় থানাত এক গোচৰ নং ৩৬/২০২২ ভাৰতীয় দন্ডবিধি আইনৰ ১২০(বি), ৪২০/৪০৬/৪০৯/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু কৰিছে।

লগতে পঢ়ক- লিডুত ৰহস্যজনকভাৱে যুৱতীৰ মৃত্যুৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদী শোভাযাত্ৰা

৬ মাহৰ পূৰ্বেও অনুৰূপ ঘটনা পোহৰলৈ আহিছিল যদিও মূল মাষ্টাৰ মাইন্ড আহমেদক এতিয়াও গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ অসম আৰক্ষী। ৫০ জনতকৈও অধিকৰ বিৰুদ্ধে জাল নথিপত্ৰৰে ধন সৰকোৱাৰ গোচৰ দিয়া হৈছে যদিও চক্ৰটোক উৎখাত কৰাত ব্যৰ্থ আৰক্ষী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply