গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে শক্তিমন্ত্রী বিমল বৰাৰ উপস্থিতিত গুৱাহাটীৰ বিজুলী ভৱনত আয়ােজিত এক বৈঠকত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এপিজিচিএল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এইজিচিএল)ৰ বিভিন্ন কাম-কাজৰ পর্যালােচনা কৰে। মুখ্য সচিব তথা শক্তিখণ্ডৰ এই তিনিওটা কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই এই বৈঠকত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰি ৰাজ্যখনৰ শক্তিখণ্ডৰ সংস্কাৰৰ অর্থে বিগত দুমাহত লােৱা বিভিন্ন পদক্ষেপৰ ফলস্বৰূপে হােৱা অগ্রগতি সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰে।

এই পর্যালােচনা বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বােধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সম্প্রতি শক্তি বিভাগে উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ২০২০ চনৰ জুলাই মাহত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল ৪৬৩.১২২ কোটি টকা। ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই মাহত ৭৩৫.১৬ কোটি টকা ৰাজহ সংগৃহীত হৈছে। বিভাগটোৰ বিষয়া তথা কৰ্মচাৰীসকলৰ নিষ্ঠাপূর্ণ সেৱাৰ বাবে এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে চাহ বাগিচাৰ শ্ৰমিক আৰু দৰিদ্র সীমাৰেখাৰ তলৰ বিদ্যুৎ গ্রাহকৰ অনাদায় বিল প্রদানৰ সুবিধার্থে আজিৰ বৈঠকত এনে অনাদায় বিল আদায়ৰ সময়ত আদায় দিব লগা ২০ শতাংশ ওপৰঞ্চি মাচুল ৰেহাইৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে। সেয়ে চাহ শ্রমিক আৰু দৰিদ্র সীমাৰেখাৰ তলৰ বিদ্যুৎ গ্রাহকে এই ২০ শতাংশ ওপৰঞ্চি মাচুল নিদিয়াকৈয়ে এতিয়া তেওঁলােকৰ বকেয়া বিদ্যুৎ বিল ১০ টা কিস্তিত আদায় দিব পাৰিব।

লগতে পঢ়ক : শ্বহীদ নজমূল হুছেইনৰ বাসগৃহত অসম জাতীয় পৰিষদৰ নেতৃত্ব

মুখ্যমন্ত্ৰীয়ে লগতে সদৰি কৰে যে সৌভাগ্য আঁচনিৰ অধীনত নতুন বিদ্যুৎ সংযােগৰ বাবে ৰাজ্যখনে কেন্দ্রীয় চৰকাৰৰ পৰা ১৭১৯ কোটি টকাৰ অনুমােদন লাভ কৰিছে। এই ধনৰাশিৰে ৰাজ্যখনৰ ৪ লাখ ৮০ হাজাৰ ২৪৯ টা পৰিয়াললৈ নতুন বিদ্যুৎ সংযােগ প্রাদন কৰিব পৰা যাব। তেওঁ লগতে কয় যে ৰাজ্যখনৰ ৪৮ হাজাৰ ৫৫৭ টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰ ৩২১ খন প্রাথমিক বিদ্যালয়ত বিদ্যুৎ সংযােগৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে। চলিত বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰতে এই বিদ্যুৎ সংযােগ কৰিব পৰা যাব বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ সকলাে চৰকাৰী কার্যালয়ৰ বিদ্যুৎ বিল প্রতিমাহৰ ১ তাৰিখেই এপিডিচিএলক আদায় দিয়াৰ বাবেও সিদ্ধান্ত লােৱা হৈছে। বিদ্যুৎ সংবহন তথা বিতৰণত হােৱা ক্ষতি আৰু বিদ্যুৎ চুৰি আদি কাৰকসমূহৰ বাবে বিদ্যুৎ বিভাগে এতিয়াও প্রতিমাহে প্রায় ১০২ কোটি টকা লােকচান ভৰি আছে বুলি সদৰি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই লােকচানৰ পৰিমাণ হ্রাস কৰাৰ বাবেও পদক্ষেপ লােৱা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply