নিউজ ডেস্ক: APDCL নিযুক্তি কেলেংকাৰিত জড়িত আৰু ৪জনক তলব কৰিছে । ঘটনাৰ তদন্ত কৰি থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তলব কৰিলে চাৰিজন পৰীক্ষা সমিতিৰ সদস্যক । তেওলোক হল ডেইজিম হাজৰিকা, সঞ্জয় ভৌমিক, বিশ্বজিত গগৈ আৰু এপিডিচিএলৰ চিজিএম কৰবী ডেকা বৰাকো জেৰা কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী গোটে । দুঘন্টা ধৰি জেৰা চলাই বিষয়াগৰাকীক ।

এপিডিচিএল নিযুক্তি কেলেংকাৰীৰ তদন্ত আগবাঢ়োতে এটাৰ পিছত আন এটা কেলেংকাৰী তথ্য ওলাইছে । এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ১১ জনক গ্ৰেপ্তাৰ কৰিছে । কেলেংকাৰীৰ অন্যতম অভিযুক্ত দীপাংকৰ দিহিঙীয়াক লৈ তদন্তকাৰী বিষয়া আগবাঢ়িছে । এই গৰাকী দীপাংকৰ দিহিঙীয়াক পৰীক্ষাৰ প্ৰশ্ন কাকত কটাৰ বাবে অনুমতি দিয়া সেইসময়ৰ অধ্যক্ষ ভি কে পিপাৰচেনীয়া কাম কাজবোৰ তদন্তৰ আওতাত আহিবনে নাই সিও এই সময়ত ডাঙৰ প্ৰশ্ন ।

মুখ্যমন্ত্ৰী তদন্তকাৰী শাখাই চলাই থকা অভিযান কালত এপিডিচিএলৰ নিযুক্তিৰ বাবে লোৱা পৰীক্ষাৰ নথিপত্ৰ সমূহ উদ্ধাৰৰ চেষ্টা চলাইছে । তদন্তৰ সময়ত বহুকেইগৰাকী প্ৰাৰ্থীৰ সৈতে সঘন যোগাযোগ অ’এছ ডি দীপাংকৰ দিহিঙীয়া আৰু মহা প্ৰবন্ধক আটাউৰ ৰহমানৰ থকাৰ বিষয়টো পোহৰলৈ আহিছে । এই প্ৰাৰ্থীসকলৰ পৰা ধনৰ লেনদেন হৈছিল যদি তাৰ পৰিমান সম্পৰ্কেও তদন্ত চলাইছে ।

লগতে পঢ়ক-ৰাইফলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী জোৱানৰ


আনহাতে এই পৰীক্ষা কেলেংকাৰীত গুৱাহাটী বিশ্ববিদ্যালয় জড়িত থকা বিষয়টোৱে আন এক জোকাৰণিৰ সৃষ্টি কৰিছে । তদাৰকী শাখাই ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কনিষ্ঠ সহায়ক শশাংক শইকীয়া, নিৰাপত্তাৰক্ষী বেবিলন কাকতিক গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাক লৈ প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ ভাৰপ্ৰাপ্ত সচিব ড° দিলীপ বৰাই দায়িত্বৰ পৰা অব্যাহতি লৈছে । ইয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয় আৰু এপিডিচিএল মাজত পৰীক্ষা বহী মূল্যায়নৰ বাবে হোৱা চুক্তি মৰ্মে বিশ্ববিদ্যালয়ে এখন তিনিজনীয়া কমিটি গঠন কৰি দিছিল । কমিটি খনৰ নেতৃত্বত আছিল ড° দিলীপ বৰা বাকী দুজন সদস্য আছিল শশাংক শইকীয়া আৰু হিমাংশু কুমাৰ দাস । শেহতীয়াকৈ ভাৰপ্ৰাপ্ত কমিটি খনৰ পৰাও পদত্যাগ কৰিছে ড° দিলীপ বৰাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,315 other subscribers

Leave a comment

Leave a Reply