APDCLৰ পৰীক্ষা কেলেংকাৰিত অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ।১০ জন অভিযুক্তক দুদিনৰ ন্যায়িক জি ম্মালৈ প্ৰেৰণ। যোৱা শনিবাৰে ১০জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছিল APDCLৰ অধ্যক্ষৰ OSD দিপাংকৰ শইকীয়া।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শশাংক শইকীয়া, ত্রিদিৱ শৰ্মা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিৰ লগতে পৰীক্ষাটো পৰিচালনাৰ দায়িত্বত থকা ‘নেইকম ইম্প্রেছনছ’ৰ কংকণ শৰ্মা, কৌশিক দাস, বিশ্বজিৎ বৰ্মন, দুলুমণি ডেকা, জয়ন্ত ডেকা আৰু ফাৰহা আলমক গ্রেপ্তাৰ কৰিছিল।
দীপাংকৰ দিহিঙীয়াৰ ঘৰত তালাচী চলাওতে পৰীক্ষাৰ উত্তৰ বহীসহ বহুতো আপত্তি জনক বস্তু উদ্ধাৰ কৰিছিল |
গুৱাহাটী বিশ্ববিদ্যালয়ে APDCLৰ সৈতে কৰা চুক্তি মৰ্মে উত্তৰ বহী সমূহ চোৱাৰ দায়িত্ব দিয়া হৈছিল | সেই সময়ত বহীসমূহ মূল্যায়নৰ বাবে যাক দায়িত্ব দিয়া হৈছিল সেই একেটা এজেন্সীয়েই পৰীক্ষাও অনুষ্ঠিত কৰিছিল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে, এ পি ডি চি এলৰ কামত সন্দেহ হোৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছিল৷ গতিকে এজেঞ্চি বেলেগ বেলেগ হ’ব লাগিছিল ৷ কিন্তু একেটা এজেঞ্চিকে দিয়া কথাতে গণ্ডগোল আছে৷ তদুপৰি গ্রেপ্তাৰ হোৱা লোকসকলৰ সৈতে প্রায় ২৭৮জন প্রার্থীৰ সৈতে পোনপতীয়াকৈ আৰু সঘন যোগাযোগ হৈ আছিল৷ গতিকে তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছে৷ আনহাতে তদন্ত প্রক্রিয়াত বহু সন্দেহজনক কথা পোহৰলৈ আহিছে৷ তাৰেই পৰিপ্রেক্ষিতত তেওঁ এ পি ডি চি এলৰ পৰিচালন কর্তৃপক্ষক পৰীক্ষা বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নির্দেশ ৷

লগতে পঢ়ক-ডিফুত দৰিদ্ৰ উদীয়মান এথলীটলৈ সাহাৰ্য্য বিতৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply