গুৱাহাটী : এপিডিচিএলৰ নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে পুনৰ এপিডিচিএলৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিলে। পূৰ্বৰ পৰীক্ষা বাতিল কৰি মুখ্যমন্ত্ৰীয়ে এপিডিচিএলৰ বৰ্ডক পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে।
এপিডিচিএলৰ নিযুক্তি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় “যেতিয়াই কিছুমান পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ ফলাফলৰ বাবে সামাজিক মাধ্যমত সক্ৰিয় হৈ পৰিছিল তেতিয়াই সন্দেহ হৈছিল কৰবাত নহয় কৰবাত কিবা খেলিমেলি আছে”।
মুখ্যমন্ত্ৰীয়ে কয় সন্দেহ প্ৰকাশ হোৱাৰ পিছতে তদন্ত নিৰ্দেশ দিয়া হয় আৰু তদন্তত সকলো ওলাই পৰে। এপিডিচিএলৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছতে মুখ্যমন্ত্ৰীয়ে এপিডিচিএলৰ বৰ্ডক পূৰ্বৰ পৰীক্ষা বাতিল কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাকৰী কোষে তদন্ত চলাই এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ১০ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক কেইজনৰ ভিতৰত আছে ২০০৬ চনৰে পৰা এপিডিচিএলৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কৰ্মৰত দীপাংকৰ দিহিঙীয়া।
দীপাংকৰ দিহিঙীয়াই এপিডিচিএলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নেইকম ইম্প্ৰেছনছ নামৰ প্ৰতিষ্ঠানটোক দায়িত্ব দিছিল। দীপাংকৰ দিহিঙীয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিদিৱ শৰ্মা, শশাংক শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিক গ্ৰেপ্তাৰ কৰা হৈছে।
লগতে পঢ়ক : মন্ত্ৰী বিধায়কৰে ফটো তুলি প্ৰৱঞ্চনাৰ জাল পতা মৃদুপৱন নেওগ পলাতক
গ্ৰেপ্তাৰ কৰা লোক সকলৰ তালিকাত আছে নেইকম ইম্প্ৰেছনছ নামৰ প্ৰতিষ্ঠানটোৰ জয়ন্ত ডেকা, কংকন শৰ্মা, বিশ্বজিৎ বৰ্মন, ফাৰহা আলম, কৌশিক দাস আৰু দুলুমনি ডেকা। ২০১৯ চনত এপিডিচিএলৰ ১৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।