গুৱাহাটী : এইবাৰ সংঘটিত হৈছে এপিডিচিএলৰ নিযুক্তিত কেলেংকাৰী। এপিডিচিএলৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ তদন্ত কৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাকৰী কোষে। জালত পৰিছে ১০ জনকৈ লোক।
ৰাজ্যৰ ৰাজ্যপালে এপিডিচিএলৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী সংঘটিত হোৱা এক অভিযোগ লাভ কৰিছিল। এই অভিযোগৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰম্ভ কৰা হয় তদন্ত। মুখ্যমন্ত্ৰীৰ বিশেষ তদাকৰী কোষে ইয়াৰ তদন্ত আৰম্ভ কৰে।
মুখ্যমন্ত্ৰীৰ বিশেষ তদাকৰী কোষে তদন্ত চলাই এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত ১০ জনকৈ লোকক আটক কৰিছে। আটকাধীন লোক কেইজনৰ ভিতৰত আছে ২০০৬ চনৰে পৰা এপিডিচিএলৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কৰ্মৰত দীপাংকৰ দিহিঙীয়া।
দীপাংকৰ দিহিঙীয়াই এপিডিচিএলৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নেইকম ইম্প্ৰেছনছ নামৰ প্ৰতিষ্ঠানটোক দায়িত্ব দিছিল। দীপাংকৰ দিহিঙীয়াৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ত্ৰিদিৱ শৰ্মা, শশাংক শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষী বেবীলন কাকতিক আটক কৰা হৈছে।
লগতে পঢ়ক : খনামুখত ”কন্যকা বেকাৰী এণ্ড ৰেষ্টোৰেন্ট” নামৰ কন্যকা বিপনী শুভাৰম্ভ
আটকাধীন লোক সকলৰ তালিকাত আছে নেইকম ইম্প্ৰেছনছ নামৰ প্ৰতিষ্ঠানটোৰ জয়ন্ত ডেকা, কংকন শৰ্মা, বিশ্বজিৎ বৰ্মন, ফাৰহা আলম, কৌশিক দাস আৰু দুলুমনি ডেকা। ২০১৯ চনত এপিডিচিএলৰ ১৬০০ কাৰ্যালয় সহায়ক পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল।