নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিচতেই APDCL য়ে মুকলি কৰিলে হেল্পলাইন নম্বৰ। ১৯১২ নম্বৰত যোগযোগ কৰিলেই সকলো আসোঁৱা দূৰ কৰিব APDCL য়ে।

শেহতীয়াকৈ APDCL য়ে ঘৰে ঘৰে সংযোজন কৰিছে নতুনকৈ স্মাৰ্ট প্ৰিপেইড মিটাৰ। যাৰ ফলত বিদ্যুৎ গ্ৰাহক সকলে এতিয়াৰ পৰা আগতীয়াকৈ ফোন জৰিয়তে ৰিচাৰ্জ কৰিব লাগিব। অৰ্থাৎ ৰিচাৰ্জ শেষ হ’লেই বিদ্যুৎ কটা যাব আপোনাৰ ঘৰত।

বিদ্যুৎ বিভাগে আজি অসমীয়া বাতৰি কাকত বিজ্ঞাপন প্ৰকাশ কৰা অনুসৰি জনাই যে, তেওঁলোকে কোনো ধৰণৰ অতিৰিক্ত চাৰ্জ লোৱা নহয়, বৰ্তমানৰ শুল্ক হাৰেই প্ৰযোজ্য হৈ আছে।

APDCL য়ে জনাই যে মোবাইলত MyBujuli এপ সংস্থাপন কৰি গ্ৰাহকে দৈনন্দিন বিদ্যুৎ ব্যৱহাৰ নিৰক্ষীণ কৰিব পাৰিব বুলি জনাইছে।    

লগতে এই বুলিও APDCL য়ে অৱগত কৰিছে যে, প্ৰিপেইড মিটাৰ ৰূপান্তৰ পিছদিনা প্ৰিপেইড বেলেঞ্চৰ পৰিমাণত বৃহৎ কৰ্তন দেখিবলৈ পাব পাৰে । কাৰণ যোৱাটো মাহত ব্যৱহাৰ কৰা বিলৰ পৰিশোধৰ আনাদায় বিল সমূহ তেনেদৰে কৰ্তন কৰি লোৱা হ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দেওবাৰে কয় যে, প্ৰথম মাহত বৃহৎ পৰিমাণৰ প্ৰিপেইড বেলেঞ্চৰ পৰা কৰ্তন হ’ব পাৰে যিহেতু যোৱাটো মাহত আনাদায় বিল তেনেদৰেই APDCL য়ে গ্ৰহণ কৰিব ।দ্বিতীয়টো মাহৰ পৰা সকলো সমস্যা সমাধান হ’ব বুলি কয়।

লগতে মুখ্যমন্ত্ৰীয়ে কয়, মিটাৰত কোনো সমস্যা থাকিলে সেইয়া APDCL সলনি কৰি দিব আৰু সমস্যা সন্মুখীন হ’লে হেল্পলাইন নম্বৰত ফোন কৰি অৱগত কৰিবলৈ জনাই।

উল্লেখযোগ্য যে, অসম বিদ্যুৎ বিভাগৰ এই নতুন নিয়মক লৈ জনসাধাৰণ একেবাৰে সন্তুষ্ট নহয়। সন্তুষ্ট নোহোৱাটো স্বভাৱিক। কাৰণ যিখন ৰাজ্যত বৰ্তমানেও বহু মানুহে ভালদৰে স্মাৰ্টফোন ব্যৱহাৰ কৰিব নাজানে তেনে লোকে কেনেদৰে ৰিচাৰ্জ কৰিব বিদ্যুৎ কৰ্তন হ’লে। সলনি হোৱাটো সকলোৱে বিচাৰে কিন্তু APDCL আৰু অসম চৰকাৰৰ এই চৰম সিদ্ধান্তক মানি ল’বলৈ পৰা নাই জনসাধাৰণে।

লগতে পঢ়ক – মুখ্যমন্ত্রী এম কে ষ্টেলিনৰ দাবী, CRPF ৰ নিযুক্তি পৰীক্ষাত তামিল ভাষা অন্তৰ্ভুক্ত কৰিবলৈ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply