ডিফু: পাহাৰীয়া জিলা কাৰ্বি আংলংৰ আঞ্চলিক দল APHLC কেইবা গৰাকী নেতাই আজি বিজেপিত যোগদান কৰে ৷
সোমবাৰে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদীয় সমষ্টি বিথুং ৰেংথামাৰ অন্তৰ্গত কলঙাৰ সাতগৰাকী APHLC ৰ নেতা ক্ৰমে দিলীপ বে, ফুকন কৰমচা,প্ৰবীন হানচে,ৰোনিত হানচে,ধনীৰাম ৰংহাং,ৰোলিন বেপি আৰু কাবোন ৰংহাংপিয়ে কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে BJP দলত ত যোগদান কৰে৷
আটাইকেইগৰাকী সদস্যক মুখ্য কাৰ্যবাহী সদস্য য়ে কাৰ্বি গামোচা আৰু সদস্য ভৰ্ত্তি পত্ৰৰে আদৰণি জনায়৷এই উপলক্ষে ডিফুত অনুস্থিত যোগদান অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ডৰসিং ৰংপি আৰু KAAC ৰ কাৰ্যবাহী সদস্য অমৰসিং টিচু৷
লগতে পঢ়ক সাপেখাটি জাতীয় বিদ্যালয়ৰ নৱনীতা চুতীয়ালৈ “শিক্ষাজ্যোতি বঁটা”