গুৱাহাটী : “ধূমপান বা ধঁপাত জাতীয় বস্তু সেৱন কৰাৰ ফলত উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ আশংকা থাকে। হাৰ্ট এটেক আৰু হৃদৰোগৰ ভয়াৱহতা বৃদ্ধি পাব পাৰে। ধঁপাত জাতীয় সামগ্ৰী ব্যৱহাৰৰ ফলত ক’ভিডৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণৰ আশংকা বহুগুণে বৃদ্ধি কৰে। এই ভাষ্য ৰাজ্যত বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰৰ।
সোমবাৰে ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে’ (বিশ্ব উচ্চৰক্তচাপ দিৱস) উপলক্ষে বৰ্তমানৰ ক’ভিডজনিত ভয়াৱহ পৰিস্থিতিৰ লগত সংগতি ৰাখি গুৱাহাটীৰ হায়াত হাস্পতালৰ মুখ্য হৃদৰোগ বিশেষজ্ঞ ডাঃ চিন্ময় মজুমদাৰে ৰাজ্যবাসীলৈ কেতবোৰ পৰামৰ্শ আগবঢ়াই কয় ক’ভিডৰ সংক্ৰমণ ৰোধৰ লগতে ধঁপাত জাতীয় বস্তু ব্যৱহাৰৰ ফলত হ’ব পৰা ৰোগ আৰু মৃত্যুৰ পৰা প্ৰতিজন লোকক ৰক্ষা কৰিবলৈ ‘কটপা-২০০৩’ ক অধিক শক্তিশালী কৰি ধঁপাত জাতীয় বস্তুৰ সহজলভ্যতাৰ ওপৰত নিয়ন্ত্ৰণ আনিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ হৰ্ষবৰ্ধন ক আহ্বান জনালোঁ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে হাইপাৰটেনশ্যন, কাৰ্ডিয়ভাস্কুলাৰ আৰু দীৰ্ঘস্থায়ী ৰোগত আক্ৰান্ত লোক ক’ভিডৰ সংক্ৰমণৰ দ্বাৰা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ শংকা বেছি। ক’ভিডৰ সংক্ৰমণ ৰোধ আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজহুৱা স্থানত ধঁপাত জাতীয় সামগ্রী ব্যৱহাৰ তথা ধূমপানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনালোঁ। ধূমপানে হাওঁফাওঁৰ স্বাভাৱিক কাম কাজৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলত এজন লোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়। এনে লোক ক’ভিড বা অন্য গুৰুতৰ ৰোগৰ বিৰুদ্ধে সফলভাৱে যুঁজ দিয়াৰ ক্ষমতা হেৰুৱাই পেলায়।’
আৰু পঢ়কঃ কৰোনা মুক্ত হৈ থাকিবৰ বাবে টীয়কৰ এখন গাঁৱে দেখুৱাইছে বিশেষ আদৰ্শ
আনহাতে কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ সচিব অধিবক্তা অজয় হাজৰিকা ই ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে’ (বিশ্ব উচ্চৰক্তচাপ দিৱস) উপলক্ষে চৰকাৰক আহ্বান জনাই কয় পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প’ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি। ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব। পৌৰ কৰ্তৃপক্ষ সমূহে সেইবোৰ দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে। শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক এনে অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে।