হাফলং : ডিমাছা জনগোষ্ঠীয় পাচঁটাকৈ জাতীয় সংগঠনৰ আহ্বান, শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহক ডি এন এল এ।বৃহস্পতিবাৰে পাৰ্বত্য জিলা ডিমা হাচাওৰ পাচঁটাকৈ জাতীয় সংগঠনে হাফলংৰ জেএনএইচ কাৰ্যালয়ত অনুষ্ঠিত কৰে সংবাদমেল৷
সংবাদমেলত উপস্থিত থকা ডিমাছা এপেক্স বডী, ডিমাছা মাডাৰ এছোচিয়েশ্যন, ডিমাছা জালাই হাচম, সদৌ ডিমাচা ছাত্ৰ সন্থা, ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ নেতৃবৰ্গই ডিমাছা জিলাবাসীৰ শান্তি-সম্প্ৰীতিৰ স্বাৰ্থত ডিএনএলএ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে শান্তি আলোচনাত মিলিত হওক বুলি আহ্বান কৰে। উল্লেখ্য যে কিছুদিন পুৰ্বে জিলাখনৰ দিয়ংমুখত পাচঁজনকৈ ট্ৰাক চালকক গুলীয়াই হত্যা কৰি ট্ৰাকসহ জ্বলাই দিছিল ডিএনএলএ উগ্ৰপন্থীয়ে৷
উক্ত ঘটনাৰ পিছতে জিলাখনৰ চুবুৰীয়া হোজাই আৰু কাৰ্বি আংলংত ট্ৰাক শ্ৰমিক সংগঠনে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এনে প্ৰেক্ষাপটত ডিমাচা জাতীয় সংগঠনে একত্ৰিত হৈ ডিএনএলএক চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ আহ্বান জনাইছে।