মানকাচৰ : ভোটাৰ তালিকা প্ৰস্তুতকৰণ আৰু ক’ভিড প্ৰতিষেধককলৈ হাটশিঙিমাৰী জিলা উপায়ুক্তৰ সংবাদমেল। ১৮ বছৰ সম্পূৰ্ণ হোৱা যুৱক-যুৱতীক ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তৰ জাননী জিলা প্ৰশাসনৰ। প্ৰথম পালি ক’ভিড প্ৰতিষেধক নোলোৱা লোকক ২১ নবেম্বৰৰ ভিতৰত প্ৰতিষেধক গ্ৰহণৰ আহ্বান। প্ৰতিষেধক নোলোৱা লোকক চৰকাৰী সুবিধা নিদিয়াৰ জাননী।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ভোটাৰ তালিকা প্ৰস্তুতকৰণ আৰু ক’ভিড প্ৰতিষেধককলৈ জিলা প্ৰশাসনে এক সংবাদমেলৰ আয়োজন কৰি জিলা প্ৰশাসনে জাৰি কৰা দুটাকৈ জাননীৰ বিষয়ে ৰাইজক অৱগত কৰে।উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ তত্বাৱধানত ২০২২ চনৰ ভোটাৰ তালিকা প্ৰস্তুতকৰণৰ বাবে বিশেষ সংক্ষিপ্ত সংশোধনী কাৰ্যসূচী চলি আছে। এই উপলক্ষে ১৮ বছৰ সম্পূৰ্ণ হোৱা আৰু অহা ১ জানুৱাৰী ২০২২ত ১৮ বছৰ পূৰ্ণ হ’বলগীয়া জিলাখনৰ সকলো যুৱক-যুৱতীক নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ হাটশিঙিমাৰী জিলা প্ৰশাসনে এক জাননী জাৰি কৰিছে।
লগতে পঢ়ক : ট্ৰাইবেল বেল্ট আৰু ব্লকৰ মাটি হস্তান্তৰকৰণৰ অধিকাৰ জিলা উপায়ুক্তক প্ৰদানৰ বিৰোধিতা জনজাতীয় সংগঠনৰ
ৰাইজৰ সুবিধাৰ্থে জিলা প্ৰশাসনৰ উদ্যোগত চলিত মাহৰ ১৩, ১৪, ২১ আৰু ২৭ নবেম্বৰ তাৰিখে জিলাখনৰ অধীনত থকা মানকাচৰ আৰু দক্ষিণ শালমাৰা সমষ্টিৰ প্ৰতিটো ভোট গ্ৰহণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। উক্ত শিবিৰত নতুন ভোটাৰ সকলে প্ৰয়োজনীয় নথিৰ দ্বাৰা ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভূ্ক্ত কৰিবলৈ জাননী আৰু সংবাদমেলৰ জৰিয়তে জিলা প্ৰসাসনৰ ফালৰ পৰা আহ্বান জনাইছে। আনহাতে জিলাখনৰ ১৮ বছৰ উৰ্ধৰ যিসকল লোকে এতিয়ালৈ ক’ভিডৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা নাই সেই সকল লোকক ২১ নবেম্বৰৰ ভিতৰত প্ৰতিষেধক গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ পৰা আহ্বান জনাইছে।