নিউজ ডেস্ক : অসম লোকসেৱা আয়োগে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা অসম চৰকাৰৰ বন বিভাগত সৃষ্টি হোৱা ৫০ টা বনাঞ্চলিক বিষয়া আৰু Dr. Bhupen Hazarika Regional Government Film and Television Institute – ত ১টা গ্ৰন্থাগাৰিক তথা আৰ্কাইভ বিষয়াৰ পদত নিযুক্তিৰ বাবে আৱেদন আহ্বান কৰিছে।

বনাঞ্চলিক বিষয়া পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা –

বিজ্ঞান বা অভিযান্ত্ৰিকত স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে তলৰ যিকোনো এটা বিষয় থকা বাধ্যতামূলক –

Agriculture, Botany, Chemistry, Computer Applications/ Computer Science, Engineering (Agriculture/ Chemical/ Civil/ Computer/ Electrical/ Electronics/ Mechanical), Environmental Science, Forestry, Geology, Horticulture, Mathematics, Physics, Statistics, Veterinary Science, Zoology।

দৰমহা – মাহে ২২,০০০ৰ পৰা ৯৭,০০০ টকা, গ্ৰ’ড পে’ – ১০,৩০০ টকা।

প্ৰাৰ্থীৰ বয়স ০১,০১,২০২১-ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। SC/ST(P)/ST(H) প্ৰাৰ্থীৰ বাবে বয়সৰ ঊৰ্ধসীমা ৫ বছৰলৈকে আৰু OBC/MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ ৰেহাই থাকিব।

ইচ্ছুক প্ৰাৰ্থীসকলে ২৭ জানুৱাৰী ২০২২ চনৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰে।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

Dr. Bhupen Hazarika Regional Government Film and Television Institute – ত গ্ৰন্থাগাৰিক তথা আৰ্কাইভ বিষয়াৰ পদৰ বাবে প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা –

যিকোনো বিভাগত স্নাতক হোৱাৰ লগতে Library & Information Science -ত স্নাতকোত্তৰ হ’ব লাগিব। ইয়াৰ উপৰি প্ৰাৰ্থীৰ Library and Information Management -ত কম্পিউটাৰ এপ্লিকেশ্যনৰ জ্ঞান থাকিব লাগিব। গ্ৰন্থাগাৰ/তথ্য কেন্দ্ৰত কাম কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ’ব।

প্ৰাৰ্থীৰ বয়স ০১,০১,২০২১-ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। SC/ST(P)/ST(H) প্ৰাৰ্থীৰ বাবে বয়সৰ ঊৰ্ধসীমা ৫ বছৰলৈকে, OBC/MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ আৰু PWBD প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই থাকিব।

ইচ্ছুক প্ৰাৰ্থীসকলে ২৮ জানুৱাৰী ২০২২ চনৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰে।

অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰক।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক – দিল্লীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ; yellow alert জাৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply