গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদে অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২২ৰ বাবে আবেদন গ্ৰহণ আৰম্ভ কৰিছে। ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থ এখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে এই বঁটা প্ৰদান কৰা হ’ব বুলি এক বিবৃতি যোগে জনাইছে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।

এই বঁটাত গ্ৰন্থৰ লেখকে মানপত্ৰ আৰু নগদ ৫ লাখ টকা লাভ কৰাৰ বিপৰীতে প্ৰকাশকে মানপত্ৰ আৰু ৩ লাখ টকা লাভ কৰিব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত গ্ৰন্থৰ লেখক বা প্ৰকাশকে প্ৰ-পত্ৰ পূৰণ কৰি গ্ৰন্থৰ ৫ টা প্ৰতিলিপিৰ সৈতে প্ৰকাশন পৰিষদৰ বামুণীমৈদামত থকা  কাৰ্যালয়লৈ অহা ২০ নৱেম্বৰৰ ভিতৰত পোৱাকৈ ডাকযোগে প্ৰেৰণ কৰিব লাগিব। প্ৰ-পত্ৰ assam publication board@gmail.com এই ই-মেইলৰ জৰিয়তেও প্ৰেৰণ কৰিব পাৰিব। বঁটাৰ বাবে প্ৰয়োজনীয় প্ৰ-পত্ৰ পৰিষদৰ ৱেবচাইট www.publication board assam.com ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

উল্লেখ্য যে, ২০২১চনৰ অসম প্ৰকাশন পৰিষদৰ ‘প্রকাশন পৰিষদ সাহিত্য বঁটা-‘ বিশিষ্ট সাহিত্যিক নন্দিতা দেৱীলৈ তেওঁৰ ‘বঙল বহুদূৰ’ উপন্যাসৰ বাবে আগবঢ়োৱা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply