গুৱাহাটী : ১২ গৰাকীকৈ নৱনিযুক্ত সহকাৰী অধ্যাপকক নিযুক্তি পত্ৰ বিতৰণ। অসম চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু অন্যান্য পিছ পৰা শ্রেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে জনতা ভৱনৰ তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত উচ্চ শিক্ষা বিভাগৰ অধীনত আয়োজিত এক অনুষ্ঠানত অসম লোক সেৱা আয়োগৰ দ্বাৰা বাচনিকৃত কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় ১২ গৰাকী সহকাৰী অধ্যাপকক আনুষ্ঠানিক ভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে।

উল্লেখযোগ্য যে ইয়াৰে ভিতৰত ইংৰাজী বিভাগৰ ২ গৰাকী, প্রাণী বিজ্ঞানৰ ৩ গৰাকী, কম্পিউটাৰ বিজ্ঞানৰ ১ গৰাকী, ৰাজনীতি বিজ্ঞানৰ ২ গৰাকী, অৰ্থনীতি, বড়ো, অসমীয়া আৰু পদাৰ্থ বিজ্ঞানৰ ১ এগৰাকীকৈ অধ্যাপকক নিযুক্ত পত্ৰ প্রদান কৰা হয়। মন্ত্ৰী গৰাকীয়ে নৱ নিযুক্ত অধ্যাপক সকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোক সকলে নিজ কৰ্মস্থানত দায়িত্ব সহকাৰে আৰু নিয়াৰিকৈ কাম কৰি যাবলৈ কয়।

লগতে পঢ়ক – বৰপেটা জিলাত ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া

এই অনুষ্ঠানত হস্ততাত বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , উচ্চ শিক্ষা বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভন্নন, সঞ্চালক ধর্ম কান্ত মিলি প্ৰমুখ্যে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,127 other subscribers

Leave a comment

Leave a Reply Cancel reply