যোৱা বছৰৰ ৮ ছেপ্টেম্বৰত নিমাতীঘাটৰ শোকাৱহ ফেৰী দুর্ঘটনাত আমাৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিসকলৰ পৰিয়ালৰ প্ৰতি সহানুভূতি আৰু সংবেদনশীলতাৰে অসম চৰকাৰৰ তৰফৰ পৰা অনুকম্পামূলক নিযুক্তিপত্ৰ আজি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

মানৱ জীৱন হেৰোৱাৰ ক্ষতিপূৰণ কাহানিও সম্ভৱপৰ নহয়। ইয়াৰ মাজতে প্রয়াত দূঘটনাত নিহত হোৱা পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাস আৰু প্রয়াত ইন্দ্রেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক আজি নিযুক্তি পত্ৰ প্ৰদান কৰে।

নিযুক্তি পত্র প্রদানৰ অন্তত শিক্ষা বিভাগক বিত্ত বিভাগৰ সৈতে সমন্বয়ৰ মাজেৰে নৱনিযুক্তসকলে তেখেতসকলৰ প্ৰথম দৰমহা কোনো বিভাগৰ ওচৰলৈ নোযোৱাকৈ সময়মতে লাভ কৰাত গুৰুত্ব দিবলৈ নির্দেশনা প্রদান কৰে মুখ্যমন্ত্ৰীয়ে।

তদুপৰি চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা দুর্ঘটনাটোৰ তৃতীয়গৰাকী ভুক্তভোগী আছিল। তেখেতৰ ক্ষেত্রত পৰিয়ালটিয়ে মৃতকৰ অৱসৰলৈকে সম্পূৰ্ণ দৰমহা লাভ কৰাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব। লগতে প্ৰয়োজন অনুসৰি মৃতকৰ পৰিয়াললৈ আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াব।

আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা আৰু শিক্ষা বিভাগৰ উপদেষ্টা ননীগোপাল মহন্তও উপস্থিত থাকে।

লগতে পঢ়ক- ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতাৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিলে তনয় শৰ্মাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply