গুৱাহাটী : বাট প্ৰশস্ত হ’ল অসমীয়া নাজানিলেও এপিএছচি’ত চাকৰি পোৱাৰ! এপিএছচি’ৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতৰ ওপৰত কেইগৰাকীমান শিক্ষাৰ্থীয়ে দাখিল কৰা এক আৱেদনৰ ভিত্তিত শুকুৰবাৰে এই পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ কাকত আঁতৰ কৰাৰ আনুষ্ঠানিক ঘোষণা প্ৰকাশ পায়। বিগত ২৬ নৱেম্বৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ এক কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ বিষয়ে উচ্চ ন্যায়ালয়ক অৱগত কৰোৱা হৈছিল।

লগতে পঢ়ক : কামৰূপত ১০ আৰু ১১ ডিচেম্বৰত বিশেষ প্ৰতিষেধক প্ৰদান অভিযান

সেই মৰ্মে আগন্তুক বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত এই নতুন নিয়ম কাৰ্যকৰী কৰা হ’ব। চৰকাৰৰ সিদ্ধান্তৰ পিছত এপিএছচি’ৰ চি চি ই’ত মাতৃভাষা বিষয়ক কাকত প্ৰত্যাহাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে মোহৰ মাৰিলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,784 other subscribers

Leave a comment

Leave a Reply