বহু বিতৰ্কিত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ ফাইল পুনৰ খোল খাইছে । ৰাকেশ পালৰ অধ্যক্ষতাৰ দিনত সংঘটিত হোৱা এ চি এছ আৰু এ পি এছ বিষয়াৰ অবৈধ নিযুক্তি পোৱাসকলক গ্ৰেপ্তাৰৰ বাট মুকলি হৈছে। গুৱাহাটীৰ বিশেষ ন্যায়াধীকৰণৰ আদালতে ২০১৫ চনত লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৰাকেশ পাল বাহিনীয়ে ধনৰ বিনিময়ত বাছনি কৰা প্ৰাৰ্থীৰ মূল উত্তৰ বহী আৰু টেবুলেশ্বন শ্বিটৰ মাজত থকা বিসংগতি পৰীক্ষাৰ বাবে নিৰ্দেশ দিছে তদন্তকাৰী আৰক্ষীক ।
এই নিৰ্দেশ দিয়াৰ ফলত স্বাভাবিকতে ২০১৫ বৰ্ষৰ এচিএছ, এপিএছ তথা সংলগ্ন সেৱাৰ বিষয়া হিচাবে নিযুক্তি পোৱা বৰ্তমানৰ একাংশ কৰ্মৰত বিষয়া অচিৰেই কাৰাগাৰৰ আলহী হোৱাটো নিশ্চিত হৈছে ।
শেহতীয়াকৈ ২০১৯ চনত ২০১৫ বৰ্ষত উৰ্ত্তীণ সকলো প্ৰাৰ্থীৰ টেবুলেশ্বন শ্বিট তদন্তকাৰী আৰক্ষীয়ে জব্দ কৰি ফৰেনচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰিছিল । ক’ভিড পৰিস্থিতিৰ বাবে প্ৰতিবেদন লাভ কৰাত কিছু পলম হৈছিল যদিও বৰ্তমান সময়ত সেই প্ৰতিবেদন লাভ কৰাত দেখা গ’ল ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ৩৯ জন প্ৰাৰ্থীয়েই নহয় আৰু একাধিক প্ৰাৰ্থীৰ ক্ষেত্ৰতো একেই বেমেজালী । তদন্তকাৰী বিষয়াই আদালতত সকলো প্ৰতিবেদন দাখিল কৰাৰ পিছতেই বিশেষ ন্যায়াধীশৰ আদালতে তদন্তকাৰী আৰক্ষীক অনুমতি প্ৰদান কৰে ।
লগতে পঢ়ক পুত্ৰ পত্নীৰ সৈতে নিশাটো কটাই যোৰহাটত মাকক লগ পাবলৈ যাত্ৰা অখিল গগৈৰ