গুৱাহাটী : অৱশেষত জামিন লাভ কৰিলে অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে। বিশেষ ন্যায়াধীশ আদালতে ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে। ৰাকেশ পালৰ বিৰুদ্ধে থকা চি আই ডিৰ গোচৰত জামিন মঞ্জুৰ কৰে আদালতে। কামৰূপ মহানগৰ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব ৰাকেশ পাল।
অসম লোকসেৱ আয়োগ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰিলে বিশেষ ন্যায়াধীশ আদালতে। চি আই ডিৰ গোচৰত ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে আদালতে। অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ বিৰুদ্ধে আছিল চাৰিটাকৈ গোচৰ।
ৰাজেশ পালৰ বিৰুদ্ধে ডিব্ৰুগড়, দিছপুৰ, ভঙাগড় থানাত গোচৰ ৰুজু হৈ থকাৰ লগতে চি আই ডিত আছে এটা গোচৰ। ৰাজেশ পালে ইতিমধ্যে ডিব্ৰুগড় আৰু দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰিছে। বৃহস্পতিবাৰে ৰাকেশ পালে চি আই ডিৰ গোচৰত জামিন লাভ কৰে।
আদালতে কেইবাটাও চৰ্তত ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰে। ৰাকেশ পাল কামৰূপ মহানগৰৰ বাহিৰত যাব নোৱাৰিব। কামৰূপ মহানগৰৰ বাহিৰত যাবলৈ হ’লে ৰাকেশ পালে আদালতৰ পৰা লিখিত অনুমতি লব লাগিব।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : জল সম্পদ বিভাগৰ ১০০ টা পদত নিযুক্তি মুকলি
অৱশ্যে জামিন লাভ কৰিলেও ৰাকেশ পাল জেলতে থাকিব লাগিব। মুকলি আকাশৰ তললৈ নাহে ৰাকেশ পাল। ভঙাগড় থানাত থকা গোচৰত জামিন লাভ নকৰাৰ বাবে জেলতে থাকিব লাগিব ৰাকেশ পাল। অসম লোকসেৱা আয়োগ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল দীর্ঘদিন ধৰি জেলত আছে।