অসম লোকসেৱা আয়োগৰ ২০১৩ চনৰ পৰীক্ষাৰ অনিয়ম আৰু কেলেংকাৰীৰ ন্যায়িক প্ৰতিবেদন ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ইতিমধ্যে চৰকাৰক দাখিল কৰিছে। এই প্ৰতিবেদনত বহু নন তথ্য সন্নিবৃষ্ট হোৱাৰ খবৰ প্ৰকাশ পাবলৈ ধৰাত ৰাজ্য চৰকাৰৰ ভিতৰতো সৃষ্টি হৈছে ধুমুহা।
আশ্বয্যজনক ভাবে ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহনৰ এদিনৰ পৃৰ্বে পৰীক্ষাত এটা বিষয়তো উত্তীৰ্ণ নোহোৱা ধীৰাজ জৈন আৰু আকাশী দুৱাৰাক অতিৰিক্ত উপায়ুক্তলৈ পদোন্নতি দিছে। আকাশী দুৱাৰাৰ ৪খন উত্তৰ বহীত নম্বৰ বৃদ্ধি কৰাৰ অভিযোগ আছে । আকাশী দুৱাৰাৰ নিযুক্তি পত্ৰ আৰু বায়ডাটা উদ্ধাৰ হৈছিল আয়োগৰ ধৃত সদস্য বসন্ত দলেৰ বাসগৃহৰ পৰা উদ্ধাৰ হৈছিল। ধীৰাজ জৈনৰ উত্তৰ বহীতো নম্বৰ বৃদ্ধিৰ অভিযোগ আছে।
আনহাতে, আয়োগে বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত কৰা বিষয়াক চৰকাৰে পদোন্নতি প্ৰদান কৰা কাৰ্যত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ন্যায়িক তদন্ত আয়োগে নিজৰ কাম কৰিছে আৰু চৰকাৰী পদ বাবে চৰকাৰে নিজৰ পথত কাম কৰিছে৷
চাকৰিৰ নিৰ্ধাৰিত সময় হ’লে কৰ্মচাৰীক পদোন্নতি দিবই লাগিব বুলিও সদৰী কৰি তেওঁ কয় যে প্ৰতিটো কামৰ বাবে চৰকাৰী নীতি-নিয়ম নিৰ্ধাৰণ কৰি থোৱা আছে৷ অভিযোগৰ আঙুলি উঠা বিষয়াসকলৰ চাকৰি বহু পূৰ্বেই নিশ্চিত কৰি থোৱা আছে৷
গতিকে পদোন্নতিৰ সময় হ’লে বঞ্চিত কৰিব পৰা নাযায়৷ অৱশ্যে তদন্ত আয়োগে প্ৰতিবেদনত সেই বিষয়াসকলৰ বিৰুদ্ধে তথ্য-প্ৰমাণসহ ঋণাত্মক কথা লিখিলে চৰকাৰে পৰীক্ষা কৰিব আৰু প্ৰয়োজনত ব্যৱস্থা ল’ব পাৰিব বুলিও তেওঁ সদৰী কৰে৷