গুৱাহাটী : অসম লোকসেৱা আয়োগৰ ‘ধনৰ বিনিময়ত চাকৰি’ কেলেংকাৰিত নতুনকৈ বিপদত পৰাৰ সম্ভাৱনা ২৫ ৰ পৰা ৩০ জনকৈ ৰাজপত্ৰিত বিষয়া। অসম লোকসেৱা আয়োগৰ ২০১৩ বৰ্ষৰ কেলেংকাৰিৰ তদন্ত কৰি থকা বিপ্লৱ শৰ্মা ন্যায়িক তদন্ত আয়োগে এই বিষয়াসকলৰ নম্বৰ জালিয়াতিক লৈ লাভ কৰিছে চাঞ্চল্যকৰ তথ্য।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰিৰ তদন্তৰ শীঘ্রে অন্ত পৰিব আৰু ইয়াৰ লগত জডিত ৩৯ গৰাকী ৰাজপত্রিত বিষয়াৰ লগতে আন কেইবাগৰাকীও বিষয়া কেলেংকাৰিৰ জালত পৰাৰ সম্ভাৱনা আছে৷ এইসকল বিষয়াও তদন্তৰ আওতালৈ আহিব বুলি মন্তব্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই৷

২০১৩ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ তদন্ত কৰি থকা প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে জালিয়াতিৰে ৰাকেশ পালৰ দিনত এচিএছ আৰু এপিএছ বিষয়া হোৱা আৰু ২৫ ৰ পৰা ৩০ গৰাকী বিষয়া জালত পৰাৰ সম্ভাৱনা আছে৷ প্রথম পর্যায়ত ৩৯ গৰাকী এনে ৰাজপত্রিত বিষয়া গ্রেপ্তাৰ হোৱাৰ পিছত এতিয়া এই ২৫ ৰ পৰা ৩০ গৰাকী বিষয়াৰ ওপৰত পুংখানুপুংখভাৱে তদন্ত চলি আছে আৰু শীঘ্রেই এই বিষয়া সকল জালত পৰাৰ সম্ভাৱনা আছে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই লগতে কয় যে শীঘ্রেই অসম লোকসভা আয়োগৰ কেলেংকাৰিৰ ৩৯ গৰাকী ৰাজপত্রিত বিষয়া সন্দর্ভত প্রতিবেদন দাখিল কৰা হ’ব৷ সমগ্র বিষয়টো লেখ আবেদন আৰু আপীল পর্যায়ত থকাৰ সময়তে এই বিষয়াসকলৰ তদন্তৰ সবিশেষ প্রতিবেদন দাখিল কৰা হ’ব৷ তেওঁ আৰু কয় যে সম্প্রতি অসম লোকসভা আয়োগৰ কেলেংকাৰিত ২৫ ৰ পৰা ৩০ গৰাকী ৰাজপত্রিত বিষয়াৰ নাম দ্বিতীয় পর্যায়ত সন্নিৱিষ্ট হ’ব পাৰে আৰু যদি তেওঁলোক দোষী সাব্যস্ত হয়, তেন্তে বিপদত পৰাৰ সম্ভাৱনা আছে৷

লগতে পঢ়ক : ডিফুৰ লৰছুটি কেশৱ ধামত অক্সিজেন কনচেনটাৰেশ্বন বেংক মুকলি

তদন্ত অনুসৰি এই ২৫ ৰ পৰা ৩০ গৰাকী ৰাজপত্রিত বিষয়াসকলৰ উত্তৰবহী আৰু মার্কশ্বীটত থকা বিসংগতিৰো সবিশেষ তদন্ত কৰা হ’ব বুলি বিপ্লৱ কুমাৰ শর্মাই জানিবলৈ দিয়ে৷ ইতিমধ্যে বহু কেইজন বিষয়াৰ সাক্ষ্যও গ্ৰহণ কৰিছে তদন্ত আয়োগে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply