নিউজ ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল। সুদীর্ঘ ৬ বছৰ ৫ মাহৰ মূৰত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে ৰাকেশ পালে।

শুক্ৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেবাশিস বৰুৱাৰ আদালতে জামিন মঞ্জুৰ কৰে ৰাকেশ পালৰ । ন্যায়াধীশ দেবাশিস বৰুৱাই কয় যে, ভঙাগড় থানাৰ যিটো গোচৰত ৰাকেশ পালক বন্দী কৰি ৰখা হৈছে, সেই গোচৰটোত আৰোপ কৰা ধাৰাত সর্বাধিক শাস্তি হ’ল দহ বছৰৰ কাৰাদণ্ড। ৰাকেশ পালে উক্ত গোচৰত আধাতকৈ বেছি কাৰাবাস খাটিছে। সেয়ে ফৌজদাৰী বিধিৰ ৪৩৬(এ) ধাৰাৰ অধীনত উচ্চ ন্যায়ালয়ে ৰাকেশ পালৰ জামিন মঞ্জুৰ কৰা হৈছে।

ৰাকেশ পালে পূৰ্বতে চাৰিটা গোচৰত জামিন লাভ কৰিছিল কিন্তু ভঙাগড় থানাত ৰুজু হোৱা কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত জামিন লাভ নকৰা বাবে মুকলি আকাশ তললৈ আহিব পৰা নাছিলে।

ৰাকেশ পাল মুকলি আকাশ তললৈ আহিলেও বৈধ আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ গোচৰত চি বি আই য়ে জেৰা কৰিবলৈ সাজু হৈ আছে।

পালে যদিও জামিন লাভ কৰিছে তথাপিও বিশেষ আদালতৰ অনুমতি অবিহনে গুৱাহাটীৰ বাহিৰলৈ যোৱাত বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। লগতে, জামিন লাভ কৰিলেও এ পি এছ চি গোচৰৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ বিশেষ আদালতক নির্দেশ দিছে।

উল্লেখযোগ্য যে, যে ২০১৬ চনৰ ৪ নৱেম্বৰৰ সন্ধিয়া খানাপাৰাত থকা এ পি এছ চিৰ কাৰ্যালয়ৰ পৰা ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত এ পি এছ চিৰ কেলেংকাৰী গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে দায়িত্ব দিয়া ডিব্ৰুগড় জিলাৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে নেতৃত্বতেই ৰাকেশ পালৰ লগতে কেলংকাৰী সৈতে জড়িত বহুতো ৰাজপত্রিত বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল।

লগতে পঢ়ক – বহনক্ষম আৰু বৃত্তাকাৰ জৈৱ অর্থনীতি গঢ়াৰ লক্ষ্যৰে ডিব্ৰুগড়ত জি-২০ৰ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply