টীয়কঃ কালি ঘোষণা কৰা অসম অসামৰিক পৰীক্ষাৰ ফলাফলত ৩২ সংখ্যক স্থানেৰে টীয়ক তথা কাকজানলৈ গৌৰৱ কঢ়িয়ালে সুতৃষ্ণা বৰদলৈয়ে। 

কাকজানৰ ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়  বাল্য নিকেটনৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা উদ্যান শস্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সাময়িকভাৱে অনুশীলন কৰি আছিল সুতৃষ্ণাই। 

কালি ঘোষণা কৰা ফলাফলত সুতৃষ্ণাৰ এনে সফলতাত সমগ্ৰ অঞ্চলটোৰ ৰাইজে আনন্দ প্ৰকাশ কৰিছে। সুতৃষ্ণা কাকজান বামকুকুৰাচোৱা গাঁৱৰ সোণাৰাম চুতীয়া পথৰ নিবাসী অৱসৰপ্ৰাপ্ত উপায়ুক্ত অজিত বৰদলৈ আৰু  কাকজান মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিজয় লক্ষ্মী বৰদলৈৰ কণিষ্ঠ কন্যা।

মাতৃভাষা মাধ্যমতে শিক্ষাৰ পাতনি মেলা এইগৰাকী মেধাবী ছাত্ৰীয়ে মাধ্যমে শিক্ষাৰ ক্ষেত্ৰত কোনো অন্তৰায় সৃষ্টি নকৰে বুলি সদৰি কৰি স্বচ্ছ-নিকা নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছে আৰু উঠি অহা প্ৰজন্মক এইদৰে নিজ নিজ পাৰদৰ্শিতাৰে আগুৱাই যাবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply