গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অবৈধ বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি নতুন চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত বিচাৰি প্রতীক হাজেলাৰ বিৰূদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাৰ। এন আৰ চিৰ প্রাক্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই।
এই প্ৰক্ৰিয়াটোত অসমত অবৈধভাৱে প্রবেশ কৰি এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত প্রতীক হাজেলা লিপ্ত হৈছিল বুলি এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই অভিযোগ কৰিছে। তেওঁ এই প্রক্রিয়াত পর্যায়ক্রমে উক্ত অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালাল চক্রৰ হাতোৰাত আৱদ্ধ হৈ পৰিছিল যত তেওঁ মনে বিচৰা সকলো বৈভৱ আদায় কৰিব পাৰিছিল আৰু বিনিময়ত এনে এক পানী নসৰকা প্রক্রিয়া আৰু ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল যত এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে তেওঁ সৰ্বোচ্চ পন্থা হাতত লৈছিল আৰু সমগ্ৰ এই পদ্ধতিটোত ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে বৌদ্ধিক সামাজিক ন্যায়িক যি বে ব্যৱস্থাই প্রয়োজন নহওক কিয় অতি দক্ষতাৰে সেই ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই।
নিসন্দেহে এই প্রক্রিয়াত ব্যৱস্থাপনাৰ বাবে যিমান ধনৰ প্রয়োজন সিমান ধন তেওঁ বিভিন্ন চক্রান্তৰে ব্যয় কৰিছিল। ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এবাৰ এন আৰ চিৰ অডিট ৰিপর্টটোত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠে বুলি জানিবলৈ দিয়ে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই। এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে লগতে কয় যে এতিয়া সমস্যাটো আছিল কার্যব্যৱস্থা। আমি চিঞৰি আছো, প্ৰমাণ দিছো, এজাহাৰ দাখিল কৰিছো। চৰকাৰক প্রতীক হাজেলাৰ বিৰূদ্ধে আইনী ব্যৱস্থা লব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পিছতো, আনহে নালাগে আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পিছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহ’ল।
ইয়াৰ অন্যতম কাৰণ হ’ল আমি দুবছৰ আগতেই কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা প্রশাখাবোৰ। এই শাখা প্রশাখাবোৰে হাজেলাৰ বিৰূদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিছপুৰত গাপ দি ৰাখিছিল বুলি কয় এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাই। এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ্য ৰাখি আমি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিত দাখিল কৰিছো বুলি জানিবলৈ দিয়ে আভিজিৎ শর্মাই। এই এজাহাৰত প্রতীক হাজেলাই কিদৰে বাংলাদেশী মুলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্রী অপাৰেটৰ হিচাপে নিযুক্তি দি, ওপৰত কোনো বিষয়াই চালি চাব নোৱাৰা চফটৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশবৃক্ষ পৰীক্ষণ প্রক্রিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্রতাৰণা কৰি আভুৱা ভৰা এখন এন আৰ চি প্রকাশ কৰিলে সেয়া দৃষ্টিগোচৰ কৰি এক তদন্ত বিচাৰি আকৌ এবাৰ এ পি ডব্লিউ
ৰাজ্য চৰকাৰৰ কাষ চাপিছে বুলি উল্লেখ কৰে আভিজিৎ শর্মাই।
লগতে পঢ়ক : ড্ৰাগছ মাফিয়াৰ বাসগৃহৰ পৰা উদ্ধাৰ ২ কোটি ৫৫ লাখ টকা মূল্যৰ নিচাজাতীয় টেবলেট
বর্তমানৰ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে দাখিল কৰা শপতনামাত স্পষ্টত উল্লেখ কৰা হৈছে যে এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ নামত হোৱা ফেমিলী ট্রি মেটচিংত চল্লিশ শতাংশ ভূল আছিল, যি সাধাৰণ মানুহৰ ভুল হ’ব নোৱাৰে। ই এক সু-পৰিকল্পিত সু-নিয়ন্ত্রিত ষড়যন্ত্ৰ আৰু প্রতীক হাজেলা ইয়াৰ নায়ক। এয়া এক দেশদ্রোহী অপৰাধ। এয়া অতি গুৰুত্বপূৰ্ণ কথা। আশা কৰিছো নতুন মূখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ এক বিশেষ তদন্তকাৰী গোট তৈয়াৰ কৰি হ’লেও এক পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য ৰাইজৰ পোহৰলৈ আনি দেশদ্রোহীতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্রতীক হাজেলাক দোষী সাব্যস্ত হ’লে শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো বুলি প্ৰেছ বিজ্ঞপ্তিত কয় আভিজিৎ শর্মাই।