মাছ, অসমীয়া মানুহৰ এবিধ অন্যতম প্ৰিয় খাদ্য। আজিৰ তাৰিখত ৰাজ্যখনত মাছৰ বছৰি চাহিদা ৩.৩ লাখ টনতকৈ অধিক, বিগত কেইবা বছৰ ধৰি অসমে বাহিৰৰ পৰা অহা চালানি মাছেৰে পূৰণ কৰি আহিবলগীয়া হৈছিল মাছৰ এই বৃহৎ চাহিদা। ইয়াৰ এক অন্যতম কাৰণ হৈছে মাছৰ নিম্ন ঘৰুৱা উৎপাদন, ২০০৫-১০ চনৰ সময়খিনিত ৰাজ্যখনত মাছৰ উৎপাদন আছিল মাত্ৰ ৬.৫৫ শতাংশ। অৱশ্যে, উন্নত পদ্ধতিৰ মীন পালনৰ ফলত তেতিয়াৰ তুলনাত বৰ্তমান ৰাজ্যখনৰ মৎস্য উদপাদনৰ দিশত ভালেখিনি পৰিৱৰ্তন সাধন হৈছে।

যোৱা দশকটোত অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে যথেষ্ট সম্ভাৱনাপূৰ্ণ এই ব্যৱসায়ত নামি ইয়াক এক লাভজনক উদ্যোগ হিচাপে গঢ় দিয়াত মনোনিৱেশ কৰা দেখা গৈছে। বিগত ৬টা বছৰত চৰকাৰেও মীন পালন খণ্ডলৈ যথেষ্টখিনি সহায় আগবঢ়োৱা দেখা গৈছে, এই সময়খিনিত কমেও ১০,০০০ মীন পালকে লাভ কৰিছে বিভিন্ন চৰকাৰী আচনিৰ সুবিধা। আজিৰ দিনত অসম মৎস্য উৎপাদনৰ ক্ষেত্ৰত এখন স্বাৱলম্বী ৰাজ্য হিচাপে আগবাঢ়ি উঠাৰ লগতে অসমে ভাৰতৰ আন আন ঠাইলৈ মাছৰ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে।

অসমৰ বিকাশমান মীনখণ্ড

এই নতুন খণ্ডটোৱে এচাম সফল উদ্যোগীৰো জন্ম দিছে, এইসকল উদ্যোগীৰ মতে আন কেতবোৰ কাৰকৰ উপৰি মীনখণ্ড মূল চালিকাশক্তি হৈছে ৰাজ্যখনৰ ঘৰুৱা মাছৰ বজাৰখন। মৎস্য উৎপাদনৰ জৰিয়তে সফলতা অৰ্জন কৰা এগৰাকী সফল মীন পালনক হৈছে মহাবাহু ফিচাৰীৰ স্বত্বাধিকাৰী অনুপ শৰ্মা। ২০১৬ চনত ৩০ বিঘা জলাশয়ত মীন পালন আৰম্ভ কৰা শৰ্মাৰ মীন প্ৰকল্প বৰ্তমান ২১০ বিঘালৈ প্ৰসাৰ ঘটিছে, শৰ্মাৰ এই মীন প্ৰকল্প মধ্য অসমৰ ভিতৰতে অন্যতম ডাঙৰ ফিচাৰী। Assam Agribusiness Growth Lab (AAGL)ৰ অধীনত প্ৰতিপালিত এই প্ৰকল্পলৈ Assam Agribusiness Growth Lab (APART)-এ প্ৰদান কৰিছে আৰ্থিক সাহায্য।

”২০২০-২০২১ চনত আমি প্ৰায় ৮০,০০০ কেজি মাছ উৎপাদন কৰিছিলো, আনহাতে চলিত বিত্তিয় বৰ্ষত আমাৰ মীন খাদ্য মিলত ৬০,০০০ কেজি মীন খাদ্য উৎপাদনৰ লক্ষ্য লোৱা হৈছে। তদুপৰি বছৰি ১০০,০০০ মাছ আৰু ১২,০০০ কেজি মাছৰ পোনা উৎপাদনৰ লক্ষৰে আমাৰ মীন ফাৰ্মখন অহা ৩ বছৰৰ ভিতৰত ২০০ একৰলৈ প্ৰসাৰ কৰাৰ কথা ভাবিছো,” শৰ্মাই কয়।

মীন ব্যৱসায়ত নাম থকা ৰাজ্যখনৰ আন এখন প্ৰতিষ্ঠান হৈছে ফাৰহানা তাছনিম আৰু ৰেজাকুল ইছলামৰ Aqua Blue Global Aquaculture Solutions। প্ৰতিষ্ঠানটোৱে মূলত অসমৰ বাবে বৈজ্ঞানিক পদ্ধতিৰে মীন উৎপাদন কৰে, অসমৰ উপৰি তেওঁলোকে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাতো মাছৰ ব্যৱসায় কৰে।

”আমি মীন পালকসকলক গ্ৰহণযোগ্য দামত উন্নত মাছৰ পোনা, মাছৰ খাদ্য আৰু মাছৰ ঔষধ যোগান ধৰো। ইয়াৰ উপৰি আমি মাছৰ পোনা মেলাৰ পৰা মাছ ধৰা পৰ্য্যন্ত সকলো স্তৰৰ সহায় আগবঢ়োৱাৰ লগতে মীন পালকসকলে যাতে মাছৰ এখন ভাল বজাৰ পায় সেই দিশতো সহায় আগবঢ়াও,” ৰেজাকুলে কয়।

৩০ লাখ টকাৰে ব্যৱসায় আৰম্ভ কৰা তেওঁলোকৰ মাছ ব্যৱসায়ে যোৱা বিত্তিয় বৰ্ষত ৬.৫ কোটি টকাৰ ব্যৱসায়ীক লেনদেন কৰে। উৎপাদন বৃদ্ধিৰ লক্ষৰে তেওঁলোকে মীনপামৰ সম্প্ৰসাৰণৰ লগতে উন্নত প্ৰযুক্তিত বিনিয়োগ অব্যাহত ৰাখিছে।

পৰম্পৰাগত পদ্ধতিৰে মৎস্য উদপাদনৰ সৈতে জড়িত মীনপালক সকলক কম খৰচতে উন্নত আৰু বিজ্ঞানসন্মত ব্যৱস্থা যোগান ধৰি উৎপাদন বৃদ্ধি কৰাত উৎসাহ যুগুৱাৰ উদ্দেশ্যৰে কাম কৰি অহা এটা ব্যৱসায়িক প্ৰতিষ্ঠান হৈছে ‘জলকুঁৱৰি’। ২০১৮ চনত আৰম্ভ হোৱা প্ৰতিষ্ঠানটোৰ সহপ্ৰতিষ্ঠাপক আৰু মুখ্য প্ৰযুক্তি বিষয়া দিপাংকৰ কাশ্যপে উৎপাদন বৃদ্ধিৰ বাবে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা কম খৰচী আৰু উন্নত প্ৰযুক্তিৰ সহায়ত মীন পালকসকলে তেওঁলোকৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হোৱা বুলি কাশ্যপে জানিবলৈ দিয়ে।

প্ৰত্যাহ্বান আৰু প্ৰতিবন্ধকতা

মীন পালন এক লাভজনক ব্যৱসায় হোৱা হেতুকে অসমত এতিয়া বহুতকেই ব্যৱসায়ীক ভিত্তিক মীন পালন কৰিবলৈ আগ্ৰহী হোৱা দেখা যায়, কিন্তু ইয়াৰ মাজতে একাংশই মীন পালনৰ প্ৰয়োজনীয় জ্ঞান নথকাকৈ এই ব্যৱসায়ত নামি পৰিছে। মাছৰ বৰ্ধিত চাহিদাৰ সুযোগ গ্ৰহণ কৰি বহু অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুবিধা উঠাই আহিছে। এনে অসাধু ব্যৱসায়ীসকলৰ দ্বাৰা মীন পালকসকল যাতে ঠগ খাব লগা নহয় তাৰ বাবে ‘জলকুঁৱৰি’, ‘একুৱা ব্লু’ৰ দৰে কিছু সংখ্যক প্ৰতিষ্ঠানে মীন পালকসকলক বিজ্ঞানসন্মত মীন পালনৰ দিশত দিহা পৰামৰ্শ আৰু সহায় আগবঢ়াই আহিছে।

মধ্যভোগীয়ে চলাই অহা কমিছনৰ অংকৰ বাবে স্থানীয় বজাৰত গ্ৰাহকে অত্যাধিক দাম দি মাছ কিনিব লগীয়া হয় বুলি উল্লেখ কৰি দিপাংকৰ কাশ্যপে কয় যে মধ্যভোগীয়ে যাতে লাভৰ অংশ হৰণ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে মীন পালকৰ পৰা মাছ ক্ৰয় কৰা আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

সম্ভাৱনা আৰু সমাধানৰ বাট

অসমত মীন পালনৰ ভৱিষ্যৎ বহুখিনি মীন পালক, উদ্যোগী আৰু চৰকাৰৰ সদিচ্চা আৰু সংকল্পৰ ওপৰত নিৰ্ভৰ কৰিছে। একুৱা ব্লু গ্ল’বেলে ভাৰতৰ মীন পালক, মীন ব্যৱসায়ী আৰু aqua-preneur সকলৰ বাবে এক অনলাইন সেৱা মুকলি কৰাৰ পৰিকল্পনা কৰিছে। ৪০,০০০ টকা পুঁজিৰে ব্যৱসায় আৰম্ভ কৰা জলকুঁৱৰিয়ে মাত্ৰ ১৮ মাহতে ২০.৮ লাখ টকাৰ ব্যৱসায় কৰে। অনাগত দিনত তেওঁলোকে নিজৰ ব্যৱসায়ত নতুন সংযোজন ঘটোৱাৰ পৰিকল্পনা কৰিছে বুলি কাশ্যপে জানিবলৈ দিয়ে। তেওঁলোকৰ উপৰি মীন ব্যৱসায়ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্য্যায়ত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী অসমীয়া হৈছে মহাবাহু ফিচাৰী লিমিটেডৰ অনুপ শৰ্মা। ২০২১ চনত তেওঁক ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ফিচাৰী ব’ৰ্ডে ‘শ্ৰেষ্ঠ মীন পালক’ সন্মান প্ৰদান কৰিছিল। অহা ৫ বছৰৰ ভিতৰত শৰ্মাই তেওঁ মহাবাহু ফিচাৰীক ২,০০০ বিঘালৈ বৃদ্ধি ঘটাই দেশৰ ভিতৰতে অন্যতম ডাঙৰ মীন কোম্পানি হিচাপে প্ৰতিস্থা কৰাৰ সপোম পুহি ৰাখিছে।

২০১৭ চনত অসমৰ বাৰ্ষিক মীন উৎপাদন আছিল ২৯৪,০০০ টন, ২০২১ চনত ই ৩৯৩,০০০ টনলৈ বৃদ্ধি পায়। ইয়াক এক বৃহৎ সফলতা বুলিব পাৰি আৰু এই কৃতিত্বৰ এক প্ৰধান দাবীদাৰ হৈছে এইসকলক থলুৱা উদ্যোগী আৰু তেওঁৰ নেৰানেপেৰা প্ৰচেষ্টা, ধৈৰ্য্য আৰু কৰ্মকুশলতা।

লগতে পঢ়ক – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত কৰ্তব্যৰত বনকৰ্মী আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply