কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্ৰ বনাঞ্চল কৰ্ত্তৃপক্ষক আজি ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যকে ৬ খন মটৰ চাইকেল প্ৰদান কৰে ।
কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন বিষয়া আৰু কৰ্মীৰ উপস্থিতিত সঞ্চালক পি শিৱ কুমাৰ আৰু বন সংমন্ডল বিষয়া ৰমেশ কুমাৰ গগৈৰ হাতত আৰণ্যকৰ সচিব প্ৰধান ড. বিভৱ কুমাৰ তালুকদাৰ আৰু জেষ্ঠ প্ৰকল্প বিষয়া আৰিফ হুচেইনে আনুষ্ঠানিক ভাৱে ৬ খন পালচাৰ বাইকৰ চাবি প্ৰদান কৰে ।
এই অনুষ্ঠানত কাজিৰঙাৰ জেষ্ঠ সাংবাদিক স্বপন নাথ আৰু দেবাশিস বৰুৱাই আৰণ্যকক ধন্যবাদ দিয়াৰ লগতে বনকৰ্মীয়ে উপযুক্ত কামত মটৰ চাইকেলকেইখন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় । উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত তহলদাৰী কৰিবৰ বাবে কাজিৰঙাৰ বনকৰ্মীয়ে ব্যৱহাৰ কৰিব এই মটৰ চাইকেল কেইখন।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাৰ হালধিবাৰী, বান্দৰডুবি, কঠালচাঙ আৰু বুঢ়াপাহাৰ খন্ড বন কাৰ্যালয়ত চাৰিখন আৰু নগাঁও সংমণ্ডলৰ অধীনত সুতিৰপাৰ আৰু ভোমোৰাগুৰি খন্ড বন কাৰ্যালয়ত দুখন মটৰ চাইকেল ব্যৱহাৰ কৰা হ’ব।
অন্যহাতে আৰণ্যকৰ সচিব প্ৰধান ড. বিভৱ কুমাৰ তালুকদাৰে জানিব’লৈ দিয়া মতে ইন্টাৰনেচনেল ৰাইন’ ফাউণ্ডেশ্যন আৰু ৰাইন’ ৰেচকিউ ফান্ডৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ ছটা খন্ড বন কাৰ্যালয়ত প্ৰদান কৰা এই মটৰচাইকেলকেইখনৰ জৰিয়তে বনকৰ্মীসকলে ৰাষ্ট্ৰীয় ঘাই পথ আৰু গ্ৰামাঞ্চল এলেকাত কৰ্তব্য সম্পাদন কৰাত সুবিধা হ’ব । উল্লেখ্য ইয়াৰ পূৰ্বেও আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সুৰক্ষাৰ কাৰণে বাহন, চাইকেল আদি সামগ্ৰী প্ৰদান কৰিছিল।
লগতে পঢ়ক ভেকচিনৰ অপচয় ৰোধৰ ৰবটিক পদ্ধতি উদ্ভাৱন