কামপুৰঃ নেপালত অনুষ্ঠিত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যন International championshipsৰ Master athlitics ত ৫০০০ মিটাৰ আৰু ১০০০০ মিটাৰ দৌৰত দুটাকৈ সোণৰ পদক অৰ্জন কৰি ভাৰতৰ লগতে অসম তথা নগাওঁ জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কঠিয়াতলী কঠালগুৰিৰ আৰতী শইকীয়া ৰাজবংশীয়ে।
নেপাল, শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় Ethelitics championshipsত ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল আৰতীয়ে।
লগতে পঢ়কঃ মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ড
খেলুৱৈগৰাকীয়ে নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত।
উল্লেখ্য যে, আৰতী এগৰাকী শিক্ষয়িত্ৰী হৈয়ো খেলৰ দিশত এনেদৰে আগবাঢ়ি যোৱাত সকলোৱে একে মুখে শলাগ লয়। আনহাতে খেলুৱৈ গৰাকীক বিভিন্ন দল-সংগঠনৰ লগতে গাঁৱৰ লোকসকলে সম্বৰ্ধনা জ্ঞাপন কৰে।