নিউজ ডেস্কঃ কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেলপথাৰত শনিবাৰৰ দুদিনীয়াকৈ ৰাজ্যিক পৰ্যায়ৰ আৰ্চাৰী বাছনি শিবিৰ অনুষ্ঠিত কৰা হৈছে। সদৌ অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই শিবিৰ।
অহা মাৰ্চ মাহত গুজৰাটত অনুষ্ঠিত হ’ব লগীয়া ৪২ সংখ্যক এন টি পি চি ছিনিয়ৰ নেচনেল আৰ্চাৰী চেম্পিয়নশিপৰ বাবে এই বাচনি শিবিৰ অনুষ্ঠিত কৰা হৈছে। বাছনি শিবিৰত অসমৰ বিভিন্ন জিলাৰ লগতে কেইবাগৰাকী ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰে অংশগ্রহণ কৰিছে।
উল্লেখযোগ্য যে, ৰিকাৰ্ভ কম্পাউণ্ড আৰু ইণ্ডিয়ান কেটেগৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ বাবে বাছনি শিবিৰৰ পৰাই অসমৰ মুঠ ২৪ গৰাকী আৰ্চাৰক বাছনি কৰা হ’ব।
লগতে পঢ়ক – ৮৩ দিনৰ পিছত নিজগৃহলৈ উভতিল আনন্দ শৰ্মা