গুৱাহাটীঃ আজি ৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। দৌৰবিদ ভোগেশ্বৰ বৰুৱালৈ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

অসম চৰকাৰে আজিৰ দিনটো ‘ৰাজ্যিক ক্ৰীড়া’ দিৱস হিচাপে পালন কৰিছে ।

এই উপলক্ষে চান্দমাৰীৰ উৰণীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ এক চাইকেল ৰেলীয়ো উলিওৱা হয়।

এই কাৰ্যসূচীত উপস্থিত থাকে অৰ্জুন ভোগেশ্বৰ বৰুৱা ,ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ লগতে অৰ্জুন জয়ন্ত তালুকদাৰ।

অসমৰ উঠি অহা প্ৰজন্মক ক্ৰীড়া জগতলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাই দৌৰবিদ
ভোগেশ্বৰ বৰুৱাই।

লগতে পঢ়কঃটাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ইফালে, গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত সমূহীয়া দৌৰ।

গোৰেশ্বৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত গোৰেশ্বৰ মিনি ৰুৰেল ষ্টেডিয়ামত অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰা হয়।

পতাকা উত্তোলন কৰে গোৰেশ্বৰ ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি সোণেশ্বৰ বসুমতাৰীয়ে।

ৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ ৰঞ্জিত ডেকাই সমূহীয়া দৌৰৰ ফ্লেগ অফ কৰে।

অঞ্চলটোৰ বিভিন্ন পৰ্যায়ৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সকলে এই সমূহীয়া দৌৰত অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply