কেন্দ্ৰীয় চৰকাৰে অসমৰ ২৪খন জিলাকে ধৰি মণিপুৰ আৰু নাগালেণ্ডৰ একাংশ অঞ্চল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ আওতাৰ পৰা মুক্ত কৰিছিল।

‘৯০ দশকৰ পৰা অঞ্চলটোত বলৱৎ হৈ থকা আফস্পাৰ পৰা এতিয়াও মুক্ত হোৱা নাই অসমৰ ৯খন জিলা আৰু ১ মহকুমা। আফস্পা প্ৰত্যাহাৰ নকৰা জিলা সমুহৰ ভিতৰত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাও আছে।

আফস্পা প্ৰত্যাহাৰ নকৰা জিলা সমূহৰ মাজত পাহাৰীয়া জিলাকেইখন অন্তভুক্ত হোৱাক লৈ ক্ষোভিত হৈ পৰিছে কাৰ্বি আংলং ছাত্ৰ সন্থা। আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম বেমথুংত (কাৰ্বি আৰ্ব্বত ভৱন)কাৰ্বি ছাত্ৰ সংন্থাই আয়োজন কৰা এক সংবাদ মেলত সভাপতি ছেমছন টেৰনে কয় যে ২০১১ আৰু ২০২১ চনত দুবাৰকৈ শান্তিচুক্তি হোৱাৰ পিছত বৰ্তমান কোনো উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পৰিলক্ষিত হোৱা নাই ৷

তেনেক্ষেত্ৰত কিয় এই আফস্পা আইন এতিয়া লৈকে পাহাৰীয়া দুখনকৈ জিলাত বাতিল কৰা হোৱা নাই । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অঞ্চলটোলৈ শান্তি ঘুৰি আহিছে বুলি কোৱাৰ পিছতো অঞ্চলটোৰ পৰা আফস্পা বাতিল নকৰাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাই প্ৰতিবাদ জনাইছে।

লগতে অসম চৰকাৰক কাৰ্বি আংলং জিলাৰ পৰা এই আইন অতিশীঘ্ৰে বাতিল কৰাৰো দাবী জনাই। কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চেমচন টেৰণে আফস্পা প্ৰবৰ্তনৰ নামত চৰকাৰ সমূহে চৰকাৰী ফাণ্ড গোটোৱাৰ কৌশল বুলিও সন্দেহ প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply