মানকাচৰ : মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত বাংলাদেশ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে শিক্ষাৰ্থী আৰু সীমান্তৱৰ্তী লোকক অস্ত্ৰ প্ৰদৰ্শন। দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰা হয় এই অস্ত্ৰ প্ৰদৰ্শন।
মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত আজি দিনৰ ১১ বজাত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উপলক্ষে সীমান্তবৰ্তী এলেকাৰ শিক্ষাৰ্থী তথা ৰাইজক অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ন কৰা হয়। বিএছএফৰ ৬ নং বেটেলিয়ানৰ কামাণ্ডেণ্ট এম আৰ মিনাৰ নেতৃত্বতত মানকাচৰ সাহাপাৰা বিএছএফ কেম্পত এই অস্ত্ৰ প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ন কৰা হয়।
এই কাৰ্যসূচীত সীমান্তৱৰ্তী এলেকাত থকা মানকাচৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, শতাধিক শিক্ষাৰ্থী আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই অস্ত্ৰ প্ৰদৰ্শনী কাৰ্যসূচীৰ পূৰ্বে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পত বাংলদেশ স্বাধীনতাক লৈ এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। বাংলাদেশৰ স্বাধীনতাত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলৰ এক বিশেষ ভূমিকা আছিল।
লগতে পঢ়ক : জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মালৈ প্ৰেৰণামূলক সম্বৰ্ধনা জ্ঞাপন
পাকিস্তানৰ লগত বাংলাদেশৰ যুদ্ধৰ সময়ত ভাৰতৰ বিএছএফ বাহিনীয়ে সহায় কৰি অহা বুলি এই অস্ত্ৰ প্ৰদৰ্শনী কাৰ্যসূচীত ভাষণ প্ৰসংগত বিএছএফৰ ৬ নং বেটেলিয়ান কমাণ্ডেণ্ট এম আৰ মিনাই উল্লেখ কৰে। আনহাতে দেশখন স্বাধীনতা ক্ষেত্ৰত বিএছএফৰ অৱদানৰ বিষয়ে জানিবলৈ দিয়ে ডিপুটি কামানডেন্ট চিত্তৰঞ্জন দাস মুগাই।