দৰং : দৰং আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। দৰং আৰক্ষীয়ে অভিযান চলাই দুজন যুৱকক অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহিনীৰ পোছাকসহ গ্ৰেপ্তাৰ কৰে। মঙলদৈ আৰক্ষীয়ে বাঘমাৰী চৰত চলাইছিল অভিযান।

এক গোপন খবৰৰ ভিত্তিত দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মঙলদৈ আৰক্ষীয়ে বাঘমাৰী চৰত অভিযান চলাই মইন আলী নামৰ এজন যুৱকৰ ঘৰৰ পৰা ৫ টা ৰাইফল, ভাৰতীয় সেনাৰ পোছাক আৰু এযোৰ খাকী পোছাক উদ্ধাৰ কৰে।

আৰি পঢ়কঃ বশিষ্ঠ শ্মশান পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

শনিবাৰে নিশাৰ ভাগত অভিযান চলাই আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহিনীৰ পোছাক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত হৰুণুল ৰছিদ আৰু চহৰ আলী নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে হৰুণুল ৰছিদ আৰু চহৰ আলীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply