নিউজ ডেস্ক: কোকৰাঝাৰত পুনৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত হোৱা এক সংবাদমেলত বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৱে অস্ত্ৰউদ্ধাৰৰ তথ্য সদৰি কৰি উদ্ধাৰকৃত অস্ত্ৰ-শস্ত্ৰ আৰু ৰছদ পাতিখিনি এম বাথা গোটৰ আছিল বুলি দাবী কৰিছে ।কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শৰাইবিলৰ ৰিপু চিৰাং বনাঞ্চলৰ ভাৰত ভূটান সীমান্তৰ গভীৰ বনাঞ্চলত অস্ত্ৰখিনি পুতি থোৱা আছিল আৰু সম্পূৰ্ণ ১২ ঘণ্টা অভিযানৰ ফলতহে অস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে বুলি দাবী কৰিছে বিটিআৰৰ আইজিপি ড° এল আৰ বিষ্ণইৱে

প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাকক্ষণত ভাৰত-ভূটান সীমান্তৰ ৰিপু চিৰাং বনাঞ্চলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা অস্ত্ৰভাণ্ডাৰৰ ভিতৰত তিনিটা এ কে 56 ৰাইফল, তিনিটা এ কে 56 ৰাইফলৰ মেগজিন, ১৫৭ জাঁই সজীৱ গুলী, চাউল, কম্বল, প্লাষ্টিক, মিঠা তেল আৰু শুকান খাদ্য আদিও উদ্ধাৰ হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,852 other subscribers

Leave a comment

Leave a Reply Cancel reply