লামডিং ৰেল ষ্টেচন এতিয়া অপৰাধীৰ ঘাটি হৈ পৰিছে। ৰেলযোগে অপৰাধীয়ে নিতৌ ভিন্ন কৌশলে চলাই গৈছে নিসিদ্ধ বেহা। লামডিং ৰেলৱে জংচনত বুধবাৰে নিশা উদ্ধাৰ হয় মাৰণাস্ত্ৰ ।
১৫৬২৫ উজনিমুৱা দেওগড় আগৰতলা এস্কপ্ৰেছ ৰেলৰ পৰা উদ্ধাৰ হয় এই মাৰণাস্ত্ৰ ৷ ৰেলখনৰ এটি সাধাৰণ শ্ৰেণীৰ ডবাৰ এটি বেগৰ পৰা ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰে এটা AK 47 বন্দুক ৷
লামডিং ৰেল আৰক্ষীৰ নিয়মীয়া তালাচীত বন্দুকটো উদ্ধাৰ হয় যদিও বন্দুকটোত কোনোধৰণৰ সজীৱ গুলী নাছিল ।উদ্ধাৰ হোৱা বন্দুকটো কঢ়িয়াই অনা যুৱকজনে আৰক্ষীয়ে ডবাটোত তালাচী চলোৱা সময়তে পলাই যাবলৈ সক্ষম হয় ৷
ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক বিচাৰি লামডিঙত তালাচী আৰম্ভ কৰিছে ৷ ৰেল আৰক্ষীয়ে মাৰণাস্ত্ৰটো ঝাৰখণ্ডৰ পৰা আগৰতলা অভিমুখে নিয়া বুলি সন্দেহ কৰিছে ৷ লামডিং ষ্টেচনত ইয়াৰ পূৰ্বেও বহু নিসিদ্ধ সামগ্ৰী উদ্ধাৰ হৈছে যদিও অপৰাধীক ধৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।